দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

বৃহস্পতিবাৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন । মনোনয়ন দাখিলৰ অন্তিমটো দিনত কেইবাগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন । মনোনয়ন দাখিলৰ অন্তিমটো দিনত কেইবাগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।

আজি মনোনয়ন দাখিল কৰিব নগাঁৱৰ বিজেপি প্রাৰ্থী সুৰেশ বৰাই। মুখ্যমন্ত্রীৰ উপস্থিতিত মনোনয়ন দাখিল কৰিব প্রাৰ্থীগৰাকীয়ে।

দৰং-ওদালগুৰিত মনোনয়ন দিব বিজেপি প্রাৰ্থী দিলীপ শইকীয়াই। বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বিজেপি প্রাৰ্থীগৰাকীয়ে। দিলীপ শইকীয়াক সংগ দিব মুখ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাই।

কংগ্রেছৰো কেইবাগৰাকী প্রাৰ্থীয়ে আজি দাখিল কৰিব মনোনয়ন। কৰিমগঞ্জত হাফিজ ৰচিদ আহমদ চৌধুৰীয়ে দিব মনোনয়ন পত্র। শীৰ্ষ কংগ্রেছ নেতাৰ উপস্থিতিত মনোনয়ন দিব কংগ্রেছ নেতাগৰাকীয়ে।

আনহাতে নগাঁৱত আজি মনোনয়ন দাখিল কৰিব প্রদ্যুৎ বৰদলৈয়ে। উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব।

Also Read: জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও

loksabha election