বটদ্ৰৱাত প্ৰদ্যুৎ বৰদলৈৰ সহধৰ্মিনীৰ নিৰ্বাচনী প্ৰচাৰ

বটদ্ৰৱাত প্ৰদ্যুৎ বৰদলৈৰ সহধৰ্মিনীৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও লোকসভা সমষ্টিৰ বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰদ্যুৎ বৰদলৈৰ সহধৰ্মিনী ৰাণী বৰদলৈ। বুধবাৰে সমষ্টিৰ বটদ্ৰৱা পুৰণি বাছ আস্থানত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰে ৰাণী বৰদলৈয়ে। বটদ্ৰৱা মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয়টি মুকলি কৰি তেওঁ কয় যে,"নগাঁও লোকসভা সমষ্টিৰ পৰা এজন যোগ্য, শিক্ষিত তথা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰিয়ভাজনক আপোনালোকে ভোট দিয়ক।"

লগতে সকলো শ্ৰেণীৰ লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা ব্যক্তি হিচাপে প্ৰদ্যুৎ বৰদলৈক আপোনালোকৰ আশীৰ্বাদ দি জয়যুক্ত কৰিব বুলিও আহ্বান জনাই ৰাণী বৰদলৈয়ে।

বটদ্ৰৱাত প্ৰদ্যুৎ বৰদলৈৰ সহধৰ্মিনীৰ নিৰ্বাচনী প্ৰচাৰ
নলবাৰীত মোডীঃ উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে দিলে সমস্যা, বিজেপিয়ে ৰূপান্তৰ কৰিলে সম্ভাৱনাৰ উৎসলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in