নগাঁৱত অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিনি নেতাৰ বিস্ফোৰক মন্তব্য...

নগাঁৱত অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিনি নেতাৰ বিস্ফোৰক মন্তব্য...
নগাঁৱত অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিনি নেতাৰ বিস্ফোৰক মন্তব্য...

ডিজিটেল সংবাদ নগাঁও: লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। সামান্তৰালভাবে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। যাৰ বাবে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন ক্ৰমশঃ উত্তাল হৈ পৰিছে।

এনে এক পৰিবেশৰ মাজতে আজি নগাঁৱত তিনিটা ৰাজনৈতিক দলৰ তিনিগৰাকী নেতাই সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াই। আঞ্চলিক দল অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদ মাধ্যমৰ আগত কয়, অগপই সমগ্র ৰাজ্যখনত দলৰ সংগঠন শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। অগপ দল এতিয়া যথেষ্ট শক্তিশালী। এইবাৰ লোকসভালৈ অগপৰ প্ৰতিনিধি যাব। এইটো নিশ্চিত ভাবে ধৰি লওক বুলি সাংবাদিকক জানিবলৈ দিয়ে মহন্তই।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মহন্তই কয় যে, বিজেপিৰ লগত আমাৰ মিত্ৰযোট চলি আছে। সমগ্র বিষয় মিত্ৰজোটৰ আলোচনাৰ পিছত ঠিক হ'ব। প্ৰাৰ্থীত্ব সন্দৰ্ভত এতিয়ালৈকে মিত্ৰযোটত আলোচনা হোৱা নাই। মিত্ৰযোটৰ সভা হ'লে অগপই কিমান আসন বিচাৰিব সেয়া মিত্ৰযোটৰ সভাত কম।মিত্ৰযোটত এই বিষয়ে আলোচনা কৰিম।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছেই যে, চাৰে এঘাৰ খনত জিকিম। সময়ত ১২ খন আসন হৈ যাব।

ইপিনে আজি সংবাদ মাধ্যমৰ আগত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি আৰু এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰি কয় যে, নিৰ্বাচনৰ সময়ত এ আই ইউ ডি এফৰ মুৰব্বী বদৰউদ্দিন আজমলে বিভিন্ন ধৰণৰ কথা কয়। বিজেপিৰ শ্ৰুতলিপি মতে এ আই ইউ ডি এফ দলে কাম কৰে। তেওঁলোকে বিজেপিৰ ৰিম'ৰ্টত বিভাজন, মনোমালিন্য হোৱা কথাবোৰ ক'ব। সাম্প্ৰদায়িক কথা ক'ব।

তেওঁ কয়, যোৱাবাৰ এ আই ইউ ডি এফৰ লগত আমাৰ কিছু বুজাবুজি আছিল। তাৰ পিছতো এ আই ইউ ডি এফে কৈ দিলে লুঙি -ডাঢ়িৰ চৰকাৰ হ'ব। এনেকুৱা কথা কোৱাৰ মূল উদ্দেশ্য হ'ল বিভাজন অনা। ধৰ্মীয় বিভাজন অনা। ধৰ্মীয় বিভাজন অনাৰ মূল এজেণ্ট হ'ল এ আই ইউ ডি এফ। গতিকে তেওঁলোকৰ কথাত আচৰিত হ'ব লগা কথা নাই। অদ্ভুত, অভব্য আৰু সাম্প্ৰদায়িক গোন্ধ থকা মন্তব্য বিজেপি আৰু এ আই ইউ ডি এফে কৈ থাকিব। গতিকে ৰাইজ সচেতন থাকিব লাগিব। এতিয়া এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো সংস্পৰ্শ নাই।

সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, এইবাৰ আমি নগাঁও ,ধুবুৰী ,কৰিমগঞ্জ এই তিনিটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম। এই কথা আমি বহু দিনৰপৰা কৈ আহিছোঁ। তিনিওটাতে আমাৰ দল জয়ী হ'ব।

তেওঁ কয়, নগাঁৱত আমাৰ প্ৰাৰ্থী কমেও ডেৰ / দুই লাখ ভোটত জয়ী হ'ব।ইয়াত আমাৰ যুজঁ হ'ব বিজেপিৰ লগত। কংগ্ৰেছ তৃতীয় স্থানত থাকিব। এ আই ইউ ডি এফে বিজেপিক সহায় কৰি আহিছে বুলি কংগ্ৰেছে কৰি অহা অভিযোগ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ইছলামে কয় যে, কংগ্ৰেছেহে বাৰে বাৰে বিজেপিক সহায় কৰি আহিছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিছে। কৰিমগঞ্জ সংসদীয় সমষ্টিত আমাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰি আমাৰ প্ৰাৰ্থীক পৰাজিত কৰি বিজেপিক সহায় কৰিছিল। অথচ বুজাবুজি অনুসৰি আমি কলিয়াবৰ আৰু নগাঁৱত প্ৰাৰ্থী দিয়া নাছিলোঁ।

তেওঁ কয়, আমাৰ সমৰ্থনত প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ জয়ী হৈছিল। এতিয়া আপোনালোকে ভাবক বিজেপিক কোনে সহায় কৰিছে। দলে বিচাৰিলে নগাঁও সংসদীয় সমষ্টিৰ পৰা তেওঁৰ প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলি আমিনুল ইছলামে মন্তব্য কৰে।

নগাঁৱত অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিনি নেতাৰ বিস্ফোৰক মন্তব্য...
'সুৰা'ৰ লীলাঃ বিধানসভাৰ উপাধ্যক্ষৰ এছক'ৰ্টত খুন্দা এল্ট' বাহনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in