নগাঁৱত প্ৰদ্যুৎ-আমিনুলৰ ভোটদান

নগাঁৱত প্ৰদ্যুৎ-আমিনুলৰ ভোটদান

ডিজিটেল সংবাদ,নগাঁও : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৯ নং নগাঁও সংসদীয় সমষ্টিৰ শুকুৰবাৰে পুৱা ৭-০০ বজাৰ পৰা কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত মুঠ ৫টা বিধানসভা সমষ্টিত আজি এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

জিলাখনৰ মুঠ ১১৭২ টা ভোট গ্ৰহণ কেন্দ্ৰত বাতৰি যুগুত কৰাপৰ্যন্ত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰসকলে দীঘলীয়া শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে।

নগাঁও লোকসভাৰ ধিঙত ৯:৩০ বজালৈকে ৩.৪ শতাংশই ভোট দিছে। ৰূপহীহাটত ৪.১ চামগুৰিত ২.৭ , নগাঁও- বটদ্ৰবাত ১২.৬ , ৰহাত ১১.২৫ শতাংশই ভোট দিয়ে । আনহাতে চামগুৰিৰ ৮৭ নং ভোট কেন্দ্ৰত ই ভি এম বিকল হোৱাত ভোটগ্ৰহণত বাধা আহিছে ।

হেভিৱেট কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে । ইফালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে জুৰীয়া দ গাঁৱত পৰমাই ভেটি এম ই স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে ।

নগাঁৱত প্ৰদ্যুৎ-আমিনুলৰ ভোটদান
অসম প্ৰদেশ কংগ্ৰেছৰ হেল্প লাইন নম্বৰ মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in