নগাঁৱৰ 'প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্ট'ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব...

নগাঁৱৰ 'প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্ট'ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব...
নগাঁৱৰ 'প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্ট'ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব...

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰৰ অগ্ৰণী চিত্ৰাংকন বিদ্যালয় প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ কৃতিত্ব ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কঢ়িয়াই আনিছে সুনাম।

নগাঁও চহৰৰ আমোলাপট্টিত থকা প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মুম্বাইস্থিত সংস্কৃতি আৰ্টৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন শাখাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অনলাইন যোগে আয়োজিত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিৰ নাম আছিল “ ইন্দ্ৰধনুচ- ২০২৩ “।

যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনিত আটাইকৈ বেছি সংখ্যক পুৰস্কাৰ নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিবলৈ সক্ষম হৈছে ৷ পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক ভাবে মেডেল আৰু প্ৰমান পত্ৰ প্ৰদান কৰা হয় ৷

চহৰখনত থকা প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ চৌহদত অধ্যক্ষ প্ৰদীপ মজুমদাৰ , অভিভাৱকসকলৰ উপস্হিতিত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ এক শুভেচ্ছামূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷

নগাঁৱৰ 'প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্ট'ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব...
চতিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰঃ মুখত বাহনৰ চকা উঠি যোৱাৰ সন্দেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in