/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/238c13f0-27cc-46e5-9fa8-a7f44920d363/18.jpg)
ডিজিটেল সংবাদ,লামডিংঃ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লামডিং আৰক্ষী থানা আৰু GRP। পুনৰ লামডিং ৰেলৱে জংচনত অভিযান চলায় যাত্ৰীবাহী ৰেলৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে অভিযানকাৰী দলে।
তথ্য অনুসৰি,নামনিমুৱা ১৫৯০৯ অবধ আসাম এস্কপ্ৰেছ ৰেলখনৰ এটি লিজত থকা দবাৰ পৰা জব্দ কৰে চুপাৰিখিনি। প্ৰায় ৫০ লাখ টকাৰো অধিক মূল্যৰ ২৫০ বস্তা সন্দেহজনক বাৰ্মিজ ছুপাৰি জব্দ কৰা হয়।দবাটোৰ পৰা ১০০ কুইন্টলৰো অধিক চুপাৰি জব্দ কৰিছে লামডিং থানাৰ আৰক্ষী আৰু GRP য়ে।
অভিযোগ অনুসৰি, ডিমাপুৰৰ পৰা প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও বাৰ্মিজ চুপাৰি সৰবৰাহ হৈ আছে। ডিমাপুৰৰ পৰা ভাৰতীয় ৰেলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে বাৰ্মিজ চুপাৰিৰ কলা ব্যৱসায় চলি থকা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখ্য যে,এসপ্তাহ পূৰ্বেও আৰক্ষীয়ে জংচনটোত একে খন ৰেলৰ পৰাই ২৯০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিছিল।
Also Read: ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ গ্রীণ অস্কাৰ গ’ল্ড বঁটা..
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us