নগাঁৱত আৰক্ষীৰ অভিযান : জব্দ ব্ৰাউন চুগাৰ,আটক ৩জন ড্ৰাগছ মাফিয়া

নগাঁৱত আৰক্ষীৰ অভিযান : জব্দ ব্ৰাউন চুগাৰ,আটক ৩জন ড্ৰাগছ মাফিয়া

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ কামপুুৰ থানা আৰু চাপৰমুখ থানাৰ সীমামুৰীয়া কাকতিগাঁও তিতাইমাৰী দলঙৰ কাষত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে ৩ ড্ৰাগছ মাফিয়াক। আৰক্ষীৰ এই অভিযানত ধৃত ৩ জনৰ পৰা জব্দ কৰে ২০টা চাবোনৰ বাকচত ভৰাই অনা নিষিদ্ধ ব্ৰাউন চুগাৰ।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা কামপুৰৰ পৰা ৰহাৰ অভিমুখে বাইকত আহি আছিল ৫ ড্ৰাগছ মাফিয়া। নগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই উক্ত দিশৰ পৰা ধৃত কেইজন আহি থকা অৱস্থাত চাপৰমুখ কাকতিগাঁৱত কামপুৰ,ৰহা আৰু চাপৰমুখ আৰক্ষীৰ তৎপৰতাত ৩জন ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

অৱশ্যে ৫ড্ৰাগছ মাফিয়াৰ ২জনে পলায়ন কৰে। ড্ৰাগছ মাফিয়াক ধৰাৰ সময়ত অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়।

ইয়াৰ পিচত নিশা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত চাপৰমুখ আৰক্ষী চকীত উপস্থিতি হয়। সম্প্ৰতি আৰক্ষীয়ে ধৃত কেইজনক সোধা-পোচা অৱ্যাহত ৰাখিছে। ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ নাম এতিয়াও সদৰি কৰা নাই আৰক্ষীয়ে।

নগাঁৱত আৰক্ষীৰ অভিযান : জব্দ ব্ৰাউন চুগাৰ,আটক ৩জন ড্ৰাগছ মাফিয়া
বনাঞ্চল ধ্বংসৰ পৰিণতি : বিলুপ্তিৰ গৰাহত চিম্পাঞ্জী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in