কচুৱা থানাৰ অন্তৰ্গত আলিটাঙনিত আৰক্ষীৰ অভিযান

নিশা কচুৱা থানাৰ অন্তৰ্গত আলিটাঙনিত আৰক্ষীৰ অভিযান।

author-image
Asomiya Pratidin
New Update
কচুৱা থানাৰ অন্তৰ্গত আলিটাঙনিত আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ, কামপুৰঃ নিশা কচুৱা থানাৰ অন্তৰ্গত আলিটাঙনিত আৰক্ষীৰ অভিযান। জুৱাখেলৰ বিৰুদ্ধ কচুৱা থানাৰ SI লক্ষ্য জ্যোতি গগৈৰ নেতৃত্বত এই অভিযান চলিছিল। এই অভিযানত চাৰিজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । আটক কৰা লোক কেইজন ক্ৰমে গেৰজাইপাম গাঁৱৰ মিৰ্জান হুছেইন (৪৪), কচুৱাৰ ৰফিকুল ইছলাম (৪৫), সোনাৰুগুৰীৰ আইনুল হক(৪২), গেৰজাইপামৰ আজিজুল হক (৪১)।

অভিযানৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা জুৱাৰ সামগ্ৰী - সাত পেকেট প্লেয়িং কাৰ্ড, চাৰিটা ম'বাইল ফোন সহ নগদ এহেজাৰ ছশ আশী টকা আৰু অনান্য সামগ্ৰী জব্দ কৰে। জুৱা খেলৰ আয়োজকক ধৰিবলৈ তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে। লগতে আটক কৰা চাৰিজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

Also Read: কার্যালয়ত অসুৰক্ষিত মূল্যৱান চৰকাৰী কাঠ ঠিকাদাৰৰ ঘৰতহে সুৰক্ষিত!

kosua kampur