কার্যালয়ত অসুৰক্ষিত মূল্যৱান চৰকাৰী কাঠ ঠিকাদাৰৰ ঘৰতহে সুৰক্ষিত!

কার্যালয়ত অসুৰক্ষিত মূল্যৱান চৰকাৰী কাঠ ঠিকাদাৰৰ ঘৰতহে সুৰক্ষিত!

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এজোপা মূল্যবান বৃহৎ গছ । পাৰিপাৰ্শ্বিক পৰিৱেশৰ সমান্তৰাল ভাৱে এটা বিয়াগোম চৰকাৰী বিভাগৰো একচেতিয়া বনজ সম্পদ হিচাবে পৰিগণিত হৈ আহিছিল বিগত সময়চোৱাত। কাৰো কোনো ধৰণৰ ক্ষয় ক্ষতি নকৰাকৈ সন্তৰ্পনে শ্ৰীবৃদ্ধি ঘটি অহা এইজোপা মূল্যবান প্ৰাকৃতিক সম্পদ অকস্মাতে উভালি পৰিল প্ৰাকৃতিক কাৰণত।

সাধাৰণতে লোক চক্ষুত নপৰা এটা পকী চৌহদৰ সংৰক্ষিত এলেকাৰ ভিতৰত থকা এইজোপা পৈণত মূল্যৱান বনজ সম্পদলৈ এইবাৰ চকু পৰিল এক বনজ সম্পদ লোভী অসৎ চক্ৰৰ । পৰিণতিত প্ৰয়োজনীয় আকাৰত কাটি কুটি বিশেষ সুৰক্ষিত(?) স্থানলৈ প্ৰেৰণ কৰা হ'ল বিশেষ চক্ৰৰ সহযোগত । আৰক্ষী, তথাকথিত প্ৰকৃতি প্ৰেমীৰ চকুত ধূলি দি সংঘটিত কৰা এই সমাজবিৰোধী কাণ্ড শেহতীয়া ভাৱে পোহৰলৈ আহিছে "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত ।

ঘটনাৰ স্থান ঘিলামৰা বৈদ্যুতিক উপ সংমণ্ডল । এই উপ সংমণ্ডলটোৰ সংৰক্ষিত চৌহদত আছিল এজোপা মূল্যবান চিচু গছ । গছজোপা প্ৰাকৃতিক গত কাৰণত উভালী চৌহদতে পৰি আছিল দীৰ্ঘদিন । এনেদৰে পৰি থকা মূল্যৱান গছ জোপালৈ লুলুপ দৃষ্টি পৰিল বিভাগটোৰ এক মতলবী চক্ৰৰ । সেই অনুক্ৰমে লোকচক্ষুৰ পৰা আঁতৰত ৰাখি বৃহৎ গছ জোপা মেচিনেৰে ফালি উলিওৱা হ'ল প্ৰায় ২০ কে.বি.তক্তা ।

সংগৃহীত তথ্য মতে যোৱা ৮ ফেব্ৰুৱাৰীত এই বৃহৎ গছডালক তক্তালৈ ৰূপান্তৰ কৰি যোৱা ৯ ফেব্ৰুৱাৰীত মূল্যবান কাঠখিনি বিদ্যুৎ বিভাগৰ এখন টাটা মবাইল গাড়ীৰে নিয়া হয় এক অজ্ঞাত স্থানলৈ । দুটা দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ড সংঘটিত কৰি এতিয়া নাকত তেল দি আৰাম কৰিছে বিভাগটোৰ বৰমূৰীয়াই। এজোপা চৰকাৰী চৌহদৰ ভিতৰত থকা প্ৰকাণ্ড গছ বিনষ্ট নোহোৱাকৈ ৰখাৰ উদ্দেশ্যেৰে যদি ফালি সংৰক্ষণৰ প্ৰয়াস কৰা হৈছিল চৰকাৰী ভাৱে সেয়া নিশ্চিত ভাৱেই শলাগনীয় । কিন্তু কি অভীষ্ট সিদ্ধিৰ স্বাৰ্থত সমগ্ৰ মূল্যবান কাঠখিনি বিভাগৰ প্ৰকাণ্ড চৌহদৰ পৰা উলিয়াই এক গোপন স্থানলৈ সৰবৰাহ কৰিব লগীয়া হ'ল সেয়াহে চিন্তনীয় বিষয় হৈ ধৰা দিছে প্ৰকৃতি প্ৰেমীৰ মাজত।

অনুসন্ধান কালত বিভাগীয় সূত্ৰই জনোৱা মতে উপ সংমণ্ডলটোৰ মুৰব্বী আনন্দ কুমাৰ শৰ্মাৰ অনুমতি সাপেক্ষে উক্ত বৃহৎ পৰিমাণৰ কাঠ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে বিনষ্ট হোৱাৰ শংকাত। বিদ্যুৎ বিভাগৰ এনে হাস্যকৰ মন্তব্যৰ বিপৰীতে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ অনুসন্ধান কালত উন্মোচিত তথ্যমতে বিদ্যুৎ বিষয়া গৰাকীৰ জ্ঞাত সাৰেই স্থানান্তৰ কৰা কাঠখিনি লক্ষণীয় ভাৱে মজুত কৰা হৈছে বিভাগটোৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰৰ ঘিলামৰা সদৰস্থিত ব্যক্তিগত ঘৰৰ চৌহদত। বিভাগৰ বৃহৎ 'অসুৰক্ষিত' চৌহদত নাৰাখি মূল্যবান কাঠখিনি এজন বিভাগৰ ঠিকাদাৰৰ ঘৰতহে ৰখাৰ কৌশলী কাৰ্যৰ অন্তৰালত এক চক্ৰান্ত নিৰ্হিত থকা বুলিও বিগত কিছুদিন ধৰি ঘিলামৰাৰ হাটে বাটে ব্যাপক চর্চা চলিছে ।

উত্থাপিত অভিযোগ মতে আৰক্ষী আৰু বন বিভাগৰ জালত পৰাৰ ভয়ত উক্ত অনুগত ঠিকাদাৰজনৰ ঘৰতে আচবাব বনাই বিভাগৰ এক শীর্ষ বিষয়াই উক্ত আচবাব নিজা ঘৰলৈ নিয়াৰ পৰিকল্পনা কৰিছে । অচিৰেই সেই পৰিকল্পনা কাৰ্যকৰী হোৱাৰ আশঙ্কা কৰি ঢকুৱাখনা বন বিভাগ আৰু ঘিলামৰা আৰক্ষীৰ অৱগত কৰা হৈছে বিষয়টো ।

ঘিলামৰাবাসীৰ প্ৰশ্ন যিটো চৌহদত বছৰ বছৰ ধৰি উপ সংমণ্ডলটোৰ কাৰ্য্যালয়সহ সমস্ত মূল্যবান চৰকাৰী সা সম্পত্তি সুৰক্ষিত হৈ আছে সেই চৌহদতে অসুৰক্ষিত মূল্যবান কাঠখিনি কি যুক্তিত অসুৰক্ষিত ? চৰকাৰী বনজ সম্পত্তি বিধিগত প্ৰক্ৰিয়াৰ মাজেৰে বিভাগীয় কামত ব্যৱহাৰ কৰাৰ পৰিবৰ্তে বিভাগীয় বিষয়াৰ তৎপৰতাত বিভাগৰ এজন ঠিকাদাৰৰ ঘৰৰ "সুৰক্ষিত স্থানত সংৰক্ষণ" কৰাৰ বাবে গ্ৰহণ কৰা বিশেষ তৎপৰতাই ঘিলামৰাবাসীক আমোদৰো খোৰাক যোগাইছে ।

কার্যালয়ত অসুৰক্ষিত মূল্যৱান চৰকাৰী কাঠ ঠিকাদাৰৰ ঘৰতহে সুৰক্ষিত!
মধুস্মিতাঃ মেধাৱী পিতৃৰ মেধাৱী কন্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in