/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7b98b147-e1fe-4c63-8baa-adfa4f6362c0/rhino.jpg)
গড়ৰ খৰ্গ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিহুৰ দিনাই বটদ্ৰৱা শান্তিজান বজাৰৰ সন্মুখত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা ৷ হাতেম আলী নামৰ ব্যক্তি জনৰ পাইকাৰী মাছৰ কাটাত আৰক্ষীৰ অভিযানত আটক এটা গড়ৰ খৰ্গ সৰবৰাহকাৰী ।
শুকুৰবাৰে আৰক্ষীৰ অভিযানত জব্দ হৈছে এটা গড়ৰ খৰ্গ । উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ দুৱাৰ মুখত থকা হাতেম আলীৰ মাছৰ কাটাত হৈ থকা অসামাজিক কাৰ্যকলাপৰ বাবে স্থানীয় লোকে অভিযোগ দি আহিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0c96ee57-5104-40c0-a71d-517f41c4dba3/a7dccc0d_5555_4586_bf94_c35c5d20198f.jpg)
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হাতেম আলী, শ্বৰীফ আলী, ছাহজাহান আলীয়ে এই মাছৰ কাটাত গড়ৰ খৰ্গৰ লগতে বিভিন্ন অবৈধ ব্যবসায় চলাই আহিছিল । অভিযানটোৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক লীনা দলেই নেতৃত্ব লৈছিল । অভিযানত হাতেম আলী পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি চালনা কৰিছিল যদিও পলায়ন কৰে ।
Also Read: বিহুৰ দৈ চিৰা খাই বিষক্ৰিয়া, অসুস্থ ৮ জন...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us