/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cb88f21d-0c8c-4684-9dd8-cb544396838d/doi.jpg)
reprehensive photo
ডিজিটেল ডেস্কঃ আজি গৰু বিহু ৷ সমূহ অসমীয়াই গৰুক মা-হালধিৰে নোৱাই ধুৱাই পৰিয়ালৰ সৈতে জা-জলপান খায় ৷ কিন্তু এই বিহুৰ জলপান খাই বঙাইগাঁৱত অসুস্থ হৈছে ৮জনকৈ লোক৷
দৈ চিৰা খাই খাদ্যৰ বিষক্ৰিয়া ভুগা এই আটাইকেইজন লোক একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷ অসুস্থসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
অসুস্থসকল কাঞ্চৰাম মালো, নেপাল মালো, অভিৰাম মালো অসুস্থ চন্দিৰাম মালো, সুশান্ত মালো, ৰাজীৱ হাৱালদাৰ, বিপাশা হাৱালদাৰ আৰু ৰাণা মালো ৷
Also Read: লোক বিশ্বাস অনুসৰি আমৰলী টোপ সংগ্ৰহত ব্যস্ত গঞা...