/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9cfacc18-2e6a-40bf-9490-5976ec42667b/Drugs_Dumdumiya.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ডুমডুমীয়াৰ পাটিয়া চাপৰিৰ পৰা ২৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ তিনি জনক আটক। বটদ্ৰৱা আৰক্ষী পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত চলা অভিযানত পাটিয়া চাপৰিৰ জাকিৰ হকৰ ঘৰত চলোৱা তালাচী অভিযানত ড্ৰাগছসহ সৰবৰহী কেইজনক আটক কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b817bea6-7a8d-403e-ae9e-f4f3ac345569/WhatsApp_Image_2023_05_15_at_11_18_30_PM.jpeg)
ধৃত ড্ৰাগছ সৰবৰাহৰী কেইটা ক্ৰমে অনন্ত দাস, মাধ্যুৰ্য দাস আৰু ইদ্ৰিছ আলী। ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৬ টা ড্ৰাগছ ভৰ্টি কণ্টেইনাৰ আৰু তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।