/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2951c309-a20e-4df6-bb54-7fd9d38c992f/480.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ। কামপুৰ আৰক্ষীয়ে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে প্ৰয়াত চহৰ আলিৰ পৰিয়ালে।
উল্লেখ্য যে এমাহ পূৰ্বে এটা গৰুক কেন্দ্ৰ কৰি কামপুৰ চিউগুড়িত সংঘটিত হৈছিল এক কৰুণ ঘটনা। পথাৰত গৰু চৰাব যাওঁতে হানি-খুচি চকু উলিয়াই দিয়াৰ লগতে হাত-ভৰি, দাঁত ভাঙি পেলাইছিল চহৰ আলি নামৰ ব্যক্তিজনক। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ বুলি অনা হৈছিল যদিও আদবাটতে মৃত্যু হৈছিল লোকজনৰ।
সমগ্ৰ ঘটনাৰ লগত জড়িত অভিযুক্ত বাবুল আলি, গীয়াছ উদ্দীন, ৰিয়াজ উদ্দীন আৰু আফাজ উদ্দীনৰ বিৰুদ্ধে কামপুৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালে। এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে ১৭২/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি বাবুল আলীক জেল হাজোতলৈ প্ৰেৰণ কৰি গীয়াছ উদ্দীন, ৰিয়াজ উদ্দিন আৰু আফাজ উদ্দিনক জামিন দিয়ে বুলি অভিযোগ উত্থাপন কৰে।
ইফালে বাবুল আলি মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি কোৱাৰ লগতে ধনৰ লেন-দেনৰ জৰিয়তে মূল অভিযুক্ত তিনিগৰাকীক জামিন দিয়া বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তোলে ভুক্তভোগী পৰিয়ালে। আনহাতে সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি মুকলি আকাশৰ তলত ঘূৰি ফুৰা তিনি অভিযুক্তৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰি ন্যায় দিবলৈ চৰকাৰৰ লগতে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায় পৰিয়ালে।
Also Read: কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত বিশেষ গাঁও সভাৰ আয়োজন