/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল সংবাদ,কামৰূপ : কামৰূপ জিলাৰ অন্তৰ্গত প্ৰতিখন গাঁও পঞ্চায়তত কৃষক দিৱসৰ লগত সংগতি ৰাখি অহা ২৩ ডিচেম্বৰত বিশেষ গাঁও সভাৰ আয়োজন কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হ’ব।
প্ৰতিজন যোগ্য কৃষকে যাতে এই আচঁনিসমূহৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই গাঁও সভাৰ আয়োজন কৰা হৈছে । জিলা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলক উক্ত সভাখনত উপস্থিত থাকি চৰকাৰী আচঁনিৰ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
প্ৰতিখন পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত পুৱা ১১-০০ বজাত এই সভা অনুষ্ঠিত হ'ব। সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া তথা গাঁও পঞ্চায়তৰ সহযোগত এই সভাসমূহ অনুষ্ঠিত হ'ব । সভাত ৰাইজৰ উপস্থিতি সাদৰেৰে কামনা কৰে।
Also Read: খটখতি গ্ৰামীণ বিকাশ বেংকত প্ৰাপ্য ধন বিচাৰি শতাধিক মহিলা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us