/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3fafde68-9866-496d-844e-9e1312c57540/nabanit_da.jpg)
ডিজিটেল সংবাদ,নগাঁও : দুৰ্ঘটনাপ্ৰৱণ নগাঁও জিলাত আৰম্ভ হৈছে আৰক্ষীৰ একশ্যন প্লেন । ডি জি পিৰ কঠোৰ নিৰ্দেশনাৰ পিছতেই অন্য ৬খন দুৰ্ঘটনাপ্ৰৱণ জিলাৰ লগতে নগাঁও জিলাতো নগাঁও আৰক্ষীয়ে পথ দুৰ্ঘটনা ৰোধৰ বাবে যুগুত কৰিছে কেতবোৰ বিশেষ আঁচনি ।
মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই আঁচনিৰ বিষয়ে সদৰী কৰে নগাঁৱ আৰক্ষী অধীক্ষক নৱনীত মহন্তই । ইয়াৰ বাবে জনসাধাৰণকো পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনা মানি যান-বাহন চলাবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/07c5630b-d5af-4e6f-b964-7e2b019db081/6ce5bb61_b9df_4196_acfc_6f9ab14df377.jpg)
উল্লেখ্য যে, ২০২২ বৰ্ষত নগাঁও জিলাত ৫০৮ টাকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰাণহানি হৈছিল ২০৮ জনকৈ লোকৰ । চলিত বৰ্ষতো বৰ্তমানলৈকে জিলাখনত ১৭৭ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে নিহত হৈছে ৭৬ জনকৈ লোক ।
সেয়েহে নগাঁও আৰক্ষী-প্ৰশাসনে এতিয়াৰে পৰা যান-বাহন আৰু পথ সুৰক্ষা আইন নমনা চালক আৰু আৰোহীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব।
Also Read: লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী-সমাজ কৰ্মী সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যুত নগাঁৱত শোক