/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/389965e4-0790-45a3-8172-a8ea267dfc94/nagaon.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ পূব আমোলাপট্টি ভদ্ৰেশ্বৰ বৰুৱা পথ নিৱাসী অসম চৰকাৰৰ লোক নিৰ্মাণ (গৃহ) বিভাগৰ কৰ্মচাৰী তথা সমাজ কৰ্মী সিদ্বাৰ্থ শৰ্মা (বাবু)ৰ মঙলবাৰে দুপৰীয়া নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । বৃক্ক ৰোগত আক্রান্ত সিদ্বাৰ্থ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৯ বছৰ।
বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত সিদ্ধাৰ্থ শৰ্মাই ভালেকেইবছৰ পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতিৰ উপ সভাপতিৰ দায়িত্ব বহন কৰিছিল । ইয়াৰোপৰি শৰ্মা পূব আমোলাপট্টি মা কালী মন্দিৰ আৰু দুৰ্গা পূজা সমিতিৰ এজন সক্ৰিয় কৰ্মকৰ্তা আছিল।
সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যুত নগাঁও লোক নিৰ্মাণ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শোক প্ৰকাশ কৰে । সমাজকৰ্মী শৰ্মাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক ডা০ দুৰ্ল্লভ চমুৱা, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতি, পূৱ নগাঁও সাৰ্বজনীন মা কালী মন্দিৰ সমিতিৰ লগতে স্থানীয় ভালেসংখ্যক অনুষ্ঠানে শোক প্ৰকাশ কৰে ।
মৃত্যুৰ সময়ত শৰ্মাই পত্নী আৰু একমাত্ৰ কন্যাসহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ।
Also Read: গোলাঘাটত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন পুৰুষ-মহিলাসহ শিশু