চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
Nagaon

প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত গণ স্বাক্ষৰ অভিযান...

প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত নগাঁৱত প্ৰাথমিক শিক্ষকৰ মত বিনিময় আৰু গণ স্বাক্ষৰ অভিযান...

author-image
Asomiya Pratidin
17 Jun 2023 21:22 IST

Follow Us

New Update
প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত গণ স্বাক্ষৰ অভিযান...

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাৰ সহযোগত শনিবাৰে নগাঁৱত মত বিনিময় আৰু গণ স্বাক্ষৰ অভিযান অনুষ্ঠিত হয়।

Advertisment

প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়া, ঠিকাভিত্তিক প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, পুৰণি পেঞ্চন নীতি বাহাল ৰখা, প্ৰাথমিক বিদ্যালয়ত নিযুক্ত স্নাতক শিক্ষকৰ কৰ্তন কৰা, গ্ৰেড-পে পুনৰ প্ৰৱৰ্তন কৰা, মুখ্যমন্ত্ৰী বৃত্তি পৰীক্ষা পুনৰ আৰম্ভ কৰা আৰু ছাত্ৰ-ছাত্ৰীক সময়মতে পাঠ্যপুথি তথা অভ্যসন যোগান ধৰা আদিৰ দাবীত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত এই অনুষ্ঠান অনুষ্ঠিত হয়।

সন্মিলনীৰ জিলা সভাপতি ৰূপ সাগৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যিক সমিতিৰ প্ৰতিনিধি, নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, নগাঁও জিলা তিৱা ছাত্ৰ সন্থা নগাঁও জিলা কবি সন্মিলন, নগাঁও জিলা টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ, চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, এনে পি এছ কৰ্মচাৰী সন্থা, হাইস্কুল শিক্ষক সন্থা, উচ্চতৰ মাধ্যমিক শিক্ষক সন্থাকে ধৰি বহু কেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

সকলোৱে প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ লগতে সন্মিলনীয়ে উত্থাপন কৰা দাবী সমূহ শীঘ্ৰে পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনায়। সন্মিলনীৰ জিলা সম্পাদক পৱনজ্যোতি বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ দাবীৰ সমৰ্থনত গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ন কৰে।

সভাই এক প্ৰস্তাৱ ৰূপে চৰকাৰক সন্মিলনীৰ দাবী সমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনায়। অন্যথা সন্মিলনীয়ে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। উল্লেখ্য সভাত শলাগৰ শৰাই আগবঢ়াই সন্মিলনীৰ নগাঁও মহকুমা সম্পাদক প্ৰফুল্ল বৰাই।

Also Read: সমাজকৰ্মী ভুৱন বসুমতাৰীৰ মৃত্যুত হাওৰাঘাটত শোকৰ ছাঁ...

education department of assam GOVT OF ASSAM
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!