সমাজকৰ্মী ভুৱন বসুমতাৰীৰ মৃত্যুত হাওৰাঘাটত শোকৰ ছাঁ...

কাৰ্বি আংলং জিলাৰ দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি সমাজকৰ্মী ভুৱন বসুমতাৰীৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
সমাজকৰ্মী ভুৱন বসুমতাৰীৰ মৃত্যুত হাওৰাঘাটত শোকৰ ছাঁ...

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তথা লৰিংথেপিৰ নিবাসী সমাজকৰ্মী ভুৱন বসুমতাৰীয়ে(৮৬) জটিল ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শুকুৰবাৰে নিশা ১১.২০ বজাত মৃত্যুক সাৱতি লয়। প্ৰয়াত বসুমতাৰী কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ত সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত থাকি ফুলনি মণ্ডল কংগ্ৰেছৰ সভাপতি পদৰ দায়িত্ব গ্ৰহণ কৰি নিষ্ঠাৰে কৰ্ম পালন কৰিছিল।

Advertisment

সমান্তৰালকৈ তেওঁ লটিছৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, লৰিংথেপি বাৰোৱাৰী কালী মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি আদি বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি সমাজ সেৱা কৰি গৈছিল । উল্লেখ্য যে, ১৯৮৯ চনত তেওঁ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ এম ডি চি নিৰ্বাচনতো প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত হাওৰাঘাট তিনি আলিস্থিত 'শ্ৰী শ্ৰী মৎ প্ৰেমানন্দ ব্ৰহ্মসেৱা আশ্ৰম'ৰ উন্নয়নমূলক কাম সম্পূৰ্ণ কৰি তুলিছিল।

বসুমতাৰী দেৱৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, ল'ৰা-ছোৱালী, নাতি-নাতিনীয়েক আৰু আত্মীয় স্বজনক এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই কাউৰী পথাৰ, পদুম পুখুৰী, মাজগাওঁ, গৰখীয়া পুখুৰী, আমনি গাওঁ আদি বিভিন্ন গাঁৱৰ ব্ৰহ্ম সমাজৰ আচাৰ্য, পুৰোহিত আৰু সদস্যৰ লগতে অঞ্চলটোৰ বড়ো, কাৰ্বি, বাঙালী, আদিবাসী আদি বহু ধৰ্মাৱলম্বী লোকে মৃত্যুকৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।

Also Read: কাজিৰঙাত অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক উষ্ম অভিনন্দন...

Haoraghat social worker