কামপুৰৰ বান বিধ্বস্ত অঞ্চলত পীযুষ হাজৰীকাঃ কলিয়াবৰত ৰাজনৈতিক কথা নোকোৱাৰ অংগিকাৰ...

শীঘ্ৰেই কামপুৰৰ বাট-পথ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি
কামপুৰৰ বান বিধ্বস্ত অঞ্চলত পীযুষ হাজৰীকাঃ কলিয়াবৰত ৰাজনৈতিক কথা নোকোৱাৰ অংগিকাৰ...
কামপুৰৰ বান বিধ্বস্ত অঞ্চলত পীযুষ হাজৰীকাঃ কলিয়াবৰত ৰাজনৈতিক কথা নোকোৱাৰ অংগিকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ কামপুৰঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি কপিলী নদীৰ খহনীয়াৰ বুজ লোৱাৰ লগতে কলিয়াবৰৰ হাতীমূৰাত কলং নৈৰ পুনৰুজ্জ্বীৱিত প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে ।জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে নগাঁও জিলাৰ ৰহাৰ বাঁহেকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলী নৈৰ খহনীয়া পৰিদৰ্শন কৰে ।

বগলাজান গাঁৱত কপিলী নৈৰ খহনীয়াৰ ফলত ৰহা-চাপৰমুখ-কামপুৰ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাত মন্ত্ৰীগৰাকীয়ে আজি উক্ত স্থান পৰিদৰ্শন কৰে আৰু এই স্থানত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে। আনহাতে নিজ নাৰিকলি গাঁৱত কপিলী নৈৰ এটা উন্মুক্ত অংশৰে নৈৰ বাঢ়নী পানী সোমাই অঞ্চলটোত বানপানীৰ সৃষ্টি হৈ স্থানীয় ৰাইজক সমস্যাত পেলাই অহা বুলি জানিবলৈ পাই মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চল পৰিদৰ্শন কৰে আৰু ইয়াত থকা মথাউৰিটো তিনি মিটাৰ সম্প্ৰসাৰণ কৰি বান প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বঢ়মপুৰ সমষ্টিৰ চাংচকি ভ্ৰমণ কৰি বান আৰু খহনীয়াৰ বুজ লয়। বৃহত্তৰ চাংচকি অঞ্চলত কপিলী নৈৰ বাঢ়নী পানীয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছিল। আজি মন্ত্ৰীগৰাকীয়ে ইয়াত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বান সমস্যাৰ বুজ লয়।

ইয়াতে মন্ত্ৰীগৰাকীয়ে চাংচকিৰ পৰা বৰচোঙলৈ আৰু গাৰোখুন্দাত কপিলী নৈৰ পাৰত অতি শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি ৰাইজক আশ্বাস দি ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে । পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে মন্ত্ৰী কেশৱ মহন্তৰ সৈতে কলিয়াবৰৰ হাতীমূৰাত কলং নদীৰ পুনৰুজ্জ্বীৱিত কৰাৰ বাবে জলসম্পদ বিভাগে চলাই থকা কাম পৰিদৰ্শন কৰে ।

কলং নদীখনক খান্দি পুনৰ বোৱাই নিয়াৰ বাবে ২০২০ চনৰ পৰা ৰাজ্য চৰকাৰে কেইবাটাও প্ৰকল্পৰ অধীনত প্ৰয়াস কৰি আহিছে । বিগত তিনি বছৰে জলসম্পদ মন্ত্ৰী হিচাপে মন্ত্ৰী পীযুষ হাজৰীকাই কেইবাবাৰো পৰিদৰ্শন কৰি কলং নদীৰ পুনৰুজ্জ্বীৱিত কৰা প্ৰকল্পৰ প্ৰত্যক্ষ বুজ লৈছিল ।

ইতিমধ্যেই হাতীমূৰাত শ্লুইছ গেটৰ কাম সমাপ্ত হৈছে আৰু আগন্তুক এক সপ্তাহৰ ভিতৰত কলং নদীৰ পানী পুনৰ বোৱাই দিয়াৰ ব্যৱস্থা কৰি দিব পৰা যাব । মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শন কালত উপস্থিত সাংবাদিকক উদ্দেশ্যি কয় যে নগঞা ৰাইজৰ হেপাঁহৰ কলংখন পুনৰুজ্জ্বীৱিত কৰাৰ কামৰ অংশীদাৰ হ'বলৈ পাই তেওঁ ধন্য হৈছে ।

কামপুৰৰ বান বিধ্বস্ত অঞ্চলত পীযুষ হাজৰীকাঃ কলিয়াবৰত ৰাজনৈতিক কথা নোকোৱাৰ অংগিকাৰ...
হাওৰাঘাটৰ দুমুখী দীঘল পানী গাঁৱৰ কোঁৱৰ চুবুৰীত তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in