/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a4f14652-cd78-42fc-a1ce-9387d7c5685e/HAORAGHAT_14.jpg)
হাওৰাঘাটৰ দুমুখী দীঘল পানী গাঁৱৰ কোঁৱৰ চুবুৰীত তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ নিকটৱৰ্তী দুমুখী দীঘল পানী গাঁৱৰ কোঁৱৰৰ চুবুৰীৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। যোৱা দেওবাৰে ঔষধ আনিবলৈ বুলি হাওৰাঘাটৰ বজাৰলৈ যোৱা ৩০ বছৰীয়া বোৱাৰী ৰাখী কোঁৱৰ আজিলৈকে উভতি নাহিল ঘৰলৈ।
এটি কেঁচুৱাসহ তিনি সন্তানক ঘৰত এৰি থৈ বজাৰলৈ ঔষধ আনিবলৈ যোৱা ৰাখি কোঁৱৰ যোৱা ৬ দিন ধৰি নিখুঁজ হৈ আছে। পৰিয়ালৰ লোকে বহু বিচাৰ-খুচাৰ কৰিও বোৱাৰীগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম নহ'ল।
শেষত হাওৰাঘাট আৰক্ষীক সমস্ত বিষয়টো অৱগত কৰি এখন এজাহাৰ দাখিল কৰে।পৰিয়ালৰ লোকে প্ৰশাসন আৰু আৰক্ষীক বিনম্ৰ আহ্বান জনায় যে, তিনি সন্তানৰ মাতৃ বোৱাৰীগৰাকীক ঘৰলৈ উভতাই আনে ।
Also Read: তিনি মাহে সন্ধানহীন দুই পুত্ৰ সন্তানৰ মাতৃঃ সন্ধানপালে খবৰ দিবলৈ আহ্বান...