/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e9d414ba-8168-4a01-9e58-79fb3930ebc5/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ পাৰে পাৰে শিলেৰে সৌন্দৰ্য্যবৰ্ধন আৰু খটখটি নিৰ্মাণ তথা আকাশীগঙ্গাৰ পাৰৰ পথটি নতুনকৈ নিৰ্মাণ কৰি তীৰ্থযাত্ৰী, পৰ্যটকৰ বাবে মুকলি কৰা হব।" -এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে বটদ্ৰৱা থানত বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/68320a10-c92f-4784-b075-59974c6c721e/a9a0323e_1c61_47dc_8e6f_d55b683d6769.jpg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই বটদ্ৰৱা থানখনিক বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে যোৱা ২৪ চেপ্তেম্বৰত কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুযায়ী বটদ্ৰৱা থানৰ ঐতিহাসিক পৱিত্ৰ আকাশী গঙ্গাৰ পাৰটি সুন্দৰকৈ নিৰ্মাণ কৰি ন-ৰূপ দি তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। সেই উপলক্ষে সোমবাৰে বটদ্ৰৱা থানত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকী উপস্থিত হৈ অহা জানুৱাৰী ১ তাৰিখৰ পৰা আকাশী গঙ্গাৰ পাৰৰ চাৰিওকাষে নিৰ্মাণ কৰিব লগীয়া সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ যোষণা কৰে। লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশনাও প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6cc6227e-8cdd-44b9-adb5-a6ae0e157c93/396e3037_f8ea_4b77_83d1_59688e6a3597.jpg)
কিংবদন্তি অনুসৰি, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বটদ্ৰৱাত সেই সময়ত খোৱা পানীৰ অভাৱ হোৱাত ধ্যানৰ বলত বৰ্তমানৰ ঐতিহাসিক আকাশী গংগা নামাই আনি পানীৰ অভাৱ পূৰণ কৰিছিল। কিন্তু সেই পৱিত্ৰ আকাশী গংগা সম্প্ৰতি গৰাখহনীয়াৰ কবলত৷ চাৰিওপিনে গৰা খহি খহি পাৰৰ গছ গছনিবোৰ বাগৰি জৰাজীৰ্ণ ৰূপ লৈছে ৷ এই সমস্যাৰ সামসধানৰ উদ্দেশ্যই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আহি বটদ্ৰৱাত উপস্থিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/057f2452-dcbb-4167-b366-e8bebf33f81f/f18faf71_9259_43b7_9a20_4fd89e869a78.jpg)
মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ প্ৰথমে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা লয়। মন্ত্ৰীগৰাকীৰ বটদ্ৰৱা থান পৰিদৰ্শনকালত বিধায়ক ৰূপক শৰ্মা, শশী কান্ত দাস আৰু বিজেপিৰ নেতা-কর্মীৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিষয়ববীয়াই সংগ প্ৰদান কৰে। পিছত মন্ত্ৰীগৰাকীয়ে থানত সেৱাৰ বাবে অহা তীৰ্থ যাত্ৰীসকলৰ সুবিধাৰ্থে দুটি শৌচালয় নিজাববীয়াকৈ দান কৰি আহাকালিৰ পৰা কাম আৰম্ভ কৰিবলৈ কৰ্মচাৰীক নিৰ্দেশ দিয়ে।
Also Read: গোলাঘাটত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী