গোলাঘাটত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী

গোলাঘাটত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী

ডিজিটেল সংবাদ, গোলাঘাটঃ সুদূৰ নাগালেণ্ডৰ পৰা মেৰাপানী হৈ গ্ৰামাঞ্চলৰ বিভিন্ন পথেদি গোলাঘাট চহৰৰ উপকণ্ঠ অঞ্চলত এতিয়া বাৰ্মিজ চুপাৰী, ড্ৰাগছ আদিকে ধৰি সৰবৰাহ কৰাটো সাধাৰণ কথাত পৰিণত হৈছে। গোলাঘাটৰ আৰক্ষীয়ে দেওবাৰৰ নিশা গোপন সূত্ৰৰ পম খেদি এখন বাৰ্মিজ চুপাৰী ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা অনুসৰি এএছ-০৩চিচি-২৪৩৫ নম্বৰৰ এই বাহনখনত ২৬ বস্তা বাৰ্মিজ চুপাৰী নাগালেণ্ডৰ পৰা মেৰাপানী হৈ নুমলীগড় অভিমুখে গৈছিল। উক্ত পদত গৈ থাকোতেই আৰক্ষীয়ে খেদি খেদি এৰেঙ্গাপাৰাত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বাৰ্মিজ চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত আৰক্ষী অতিশয় কঠোৰ হোৱা স্বত্বেও কোনে কেনেকৈ কাৰ আশীৰ্বাদত বাৰ্মিজ চুপাৰীৰ চোৰাং সৰবৰাহ গোলাঘাটৰ মাজেদি অব্যাহত ৰাখিছে সেয়া এতিয়া ৰসহ্যজনক বিষয় হৈ পৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো তথ্য।

গোলাঘাটত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী
লেখক-সাংবাদিক ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in