মৰি গ'লেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহেঃ মন্ত্ৰী পীযুষ হাজৰীকা

মৰি গ'লেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহেঃ মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
মৰি গ'লেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহেঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, নগাঁওঃ কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

Advertisment

মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কংগ্ৰেছে নতুনকৈ কোৱা আৰম্ভ কৰিছে যে বিজেপি শাসনলৈ আহিলে সংবিধান বদলাই দিব। মন্ত্ৰীগৰাকীয়ে ৰাইজৰ কাম কৰিম প্ৰতিশ্ৰুতি দিয়ে। সকলোৰে কাৰণে কাম কৰা, সকলো শান্তিত থকা, সকলোকে লৈ আগুৱাই যোৱাই নৰেন্দ্ৰ মোডীৰ নীতি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছে কৰা নাই, উন্নয়ন আমি কৰিছো। আমি বিনামূলীয়া চাউল দিছো, অৰুণোদয় দিছো, কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল। ৰাস্তা-ঘাটৰ উন্নয়ন কংগ্ৰেছে কৰা নাছিল। লাহৰীঘাটৰ ৰাইজ বানপানীত ডুব গৈ আছিল। স্বাধীনতাৰ পৰা আজিলৈকে লাহৰীঘাটত অকল কংগ্ৰেছে থাকিল, কিন্তু এই অঞ্চলৰ উন্নয়ন একো নকৰিলে। না মথাউৰি নিৰ্মাণ কৰিলে, না খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ললে। গতিকে ভোট কংগ্ৰেছক দি লাভ নাই বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক ভোট বিজেপিক দিবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰে। নগাঁওবাসী ৰাইজৰ সুবিধাৰ কাৰণে নগাঁও মেডিকেল কলেজ ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণই কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মডিকেল কলেজ নিৰ্মাণ কৰা বুলি ভাষণত উল্লেখ কৰে।

তেওঁ কয় যে এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। 'মুছলমান ৰাইজৰ ওচৰলৈ যাবলৈ মোৰ ঘিন' লাগে বুলি প্ৰদ্যুত বৰদলৈয়ে বহুত ঠাইত কৈ ফুৰিছিল বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে। মৰি গলেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহে বুলি তেওঁ কয়। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব, সেয়ে তেওঁ ভোটকেইটা কংগ্ৰেছক দি নষ্ট নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ২০২৬ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ'ব বুলি ভাষণত কয়। গতিকে সমষ্টিকেইটাক যদি পিছুৱাই নিয়াৰ মন নাই তেন্তে বিৰোধীক ভোট দিয়াৰ বিপৰীতে তেওঁ বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

Also Read: লোকসভা নিৰ্বাচনঃ দৰঙত SVEEPৰ ভোটদান সজাগতামূলক কাৰ্যসূচী

nagaon pijush hazarika bjp