লোকসভা নিৰ্বাচনঃ দৰঙত SVEEPৰ ভোটদান সজাগতামূলক কাৰ্যসূচী

লোকসভা নিৰ্বাচনঃ দৰঙত SVEEPৰ ভোটদান সজাগতামূলক কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনঃ দৰঙত SVEEPৰ ভোটদান সজাগতামূলক কাৰ্যসূচী

ডিজিটেল সংবাদ, মঙলদৈঃ জিলাখনৰ ভোটাৰ ৰাইজৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে দৰং জিলাৰ স্বীপ (প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ) কোষৰ বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী অব্যাহত আছে। অহা ২৬ এপ্ৰিলত দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

Advertisment

দৰঙত আগন্তুক লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে স্বীপ কোষে জিলাখনৰ বিভিন্ন স্থানত বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে। ইতিমধ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত আত্মসহায়ক গোটসমূহৰ মহিলাসকলক 'সাৰথি বাইদেউ' ৰূপে লৈ তেওঁলোকৰ সহযোগত এনে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে।

দৰঙৰ আটাইকেইটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু মঙলদৈ আৰু খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যালয়ত একোটাকৈ হে'ল্প -ডেস্ক স্থাপন কৰা হৈছে। সাৰথি বাইদেউৰ সহযোগত জিলাখনৰ ঠায়ে ঠায়ে মহিলাসকলক লৈ সজাগতামূলক শোভাযাত্ৰা, বাইক ৰেলী আদিৰো আয়োজন কৰা হৈছে। সাৰথি বাইদেউসকলে গাঁৱৰ মহিলাসকলক লৈ ভোটদানৰ বাবে শপতগ্ৰহণ কাৰ্যসুচীও অনুষ্ঠিত কৰিছে।

ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে স্বীপ কোষে এটি চুটি ভিডিঅ' মুকলি কৰিছে। এই ভিডিঅ'টিৰ জৰিয়তে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলাখনত সকলো ভোটাৰকেই ২৬ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

Also Read: হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৰঙিয়াত দুৰ্গাদাস বড়োৰ নিৰ্বাচনী প্ৰচাৰ...

loksabha election sveep