ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন...

ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন...

ডিজিটেল সংবাদ, বেবেজীয়া : ফ্লোৰেঞ্চ নাইটিঙ্গেল আছিল ধাত্ৰীবিদ্যাৰ বাটকটকীয়া। আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক ৷ ১৮৫৩ চনৰ পৰা ১৮৫৬ চনলৈ চলা ক্ৰিমিয়াৰ যুদ্ধত সৈনিক সকলক কৰা সেৱা-শুশ্ৰূষাৰ বাবে তেওঁ জগত বিখ্যাত। চাকিৰ সৈতে নিশা আঘাতপ্ৰাপ্ত সৈনিক সকলৰ সেৱা কৰাৰ বাবে তেওঁক লেডী ৱিথ দা লেম্প বুলি জনা যায় ৷

শুকুৰবাৰে নগাঁও জিলাৰ ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ত বিশ্ববিশ্ৰুত ধাত্ৰী ফ্লোৰেঞ্চ নাইটিঙ্গেলৰ জন্মদিন উপলক্ষে পালন কৰা আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসত ভাষণ প্ৰদাল কৰে চিকিৎসালয়খনৰ মুৰব্বী চিকিৎসক ডা° শ্বাদিকুল আমিনে ৷ তদুপলক্ষে পুৱা ফ্লোৰেঞ্চ নাইটিঙ্গেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত এ এন এম কুন্তি বনিয়াই আৰু মাল্যাৰ্পণ কৰে ক্ৰমে এ এন এম ৰাণু দেৱীয়ে ৷ ইয়াৰ পাছতে হেল্থ এডুকেটৰ প্ৰিয়ালক্ষ্মী শৰ্মাই আগবঢ়োৱা কেক কাটে ড° শ্বাদিকুল আমিনে ৷

চিকিৎসালয়খনৰ এম পি ডব্লিউ কল্যাণ কুমাৰ বৰাই আঁত ধৰি আগবঢ়াই আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ সভাখনত এ এন এম বিদ্যাৱতী গোৱালা আৰু প্ৰতিমা বুঢ়াগোহাঞিয়ে ফ্লোৰেঞ্চ নাইটিঙ্গেলৰ বৰ্ণাঢ্য মানৱ সেৱাৰ বিষয়ে আলোকপাত কৰি বক্তব্য ৰাখে ৷ সভাত এ বি পি এম বাবুল ভৰালী ,চি এইচ অ’ মনোজ বৰা , এ এন এম ৰীতা দাস , এম পি ডব্লিউ মুজাহিদ শ্বাহ আলম , হেল্থ এডুেকেটৰ প্ৰিয়ালক্ষ্মী শৰ্মা, এচ ডব্লিউ পল্লবী শইকীয়া, জি এন এম, সুস্মিতা বৰুৱাকে ধৰি আশা কৰ্মীসকল ভালে সংখ্যক লোক উপস্থিত থাকে৷

ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন...
অসম জাতীয় মহাসভাৰ উদ্যোগত বটদ্ৰৱা থানত স্বাস্থ্য কল্যাণ অভিযান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in