অসম জাতীয় মহাসভাৰ উদ্যোগত বটদ্ৰৱা থানত স্বাস্থ্য কল্যাণ অভিযান...

থানৰ নিত্য নৈমিত্তিক নামপ্ৰসংগত নিমজ্জিত ২৫ গৰাকী ভকত বৈষ্ণৱৰ বাবে আৰম্ভ হয় স্বাস্থ্য কল্যাণ অভিযান। গুৰুজনাৰ জন্মস্থানত অসমৰ কমিচন খোৱা চিকিৎসক ক্ষুৰধাৰ সমালোচনা চিকিৎসা বিজ্ঞানী, সমাজ বিজ্ঞানী ডাঃ জয়ন্ত বিশ্ব শর্মাৰ। "জাতি মৃত্যুৰ মুখলৈ গৈ আছে, জাতি বচাবলৈ আন্দোলন কৰিলে নহ'ব। জাতিটোৰ ভাষা, কৃষ্টি সংস্কৃতি, সভ্যতা জীয়াই থকা মূল ক্ষেত্ৰৰ অৱস্থা ভাবি চাবলৈ সময় নাই।" - বিধায়ক প্ৰদীপ হাজৰিকা
অসম জাতীয় মহাসভাৰ উদ্যোগত বটদ্ৰৱা থানত স্বাস্থ্য কল্যাণ অভিযান...

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা থানৰ নৈমিত্তিক নামপ্ৰসংগৰে সেৱায়িত ভকতৰ বাবে শুকুৰবাৰে আৰম্ভ হ'ল স্বাস্থ্য কল্যাণ অভিযান। অসম জাতীয় মহাসভাৰ উদ্যোগত অসম স্বাস্থ্য সেৱা সমবায় সমিতি আৰু বটদ্ৰৱাৰ থান পৰিচালনা সমিতিৰ সহযোগত বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক নামপ্ৰসংগত নিমজ্জিত ২৫ গৰাকী ভকত বৈষ্ণৱৰ বাবে আৰম্ভ হয় এই স্বাস্থ্য কল্যাণ অভিযান। বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ পৰ্যটন নিৱাসত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই স্বাস্থ্য কল্যাণ অভিযান শুভাৰম্ভ কৰে অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ অধ্যক্ষ ডা: জয়ন্ত বিশ্ব শৰ্মাই।

অসম জাতীয় মহাসভাৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত থাকি অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাই সংকটপূৰ্ণ অৱস্থাত থকা অসমৰ সত্ৰ সমূহৰ অৱক্ষয় বৰ্ননা দিয়াৰ লগতে, "জাতি মৃত্যুৰ মুখলৈ গৈ আছে, জাতি বচাবলৈ আন্দোলন কৰিলে নহ'ব। জাতিটোৰ ভাষা, কৃষ্টি সংস্কৃতি, সভ্যতা জীয়াই থকা মূল ক্ষেত্ৰৰ অৱস্থা কোনো মানুহে আজিলৈকে ভাবি চোৱা নাই। ৫০০ একৰ মাটিত আছিল বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ। তাৰে ২৫৭ বিঘা মাটি আছিল সত্ৰৰ নিজৰ।

কিন্তু ৰামপুৰত এতিয়া সত্ৰ নাই। তাত গুৰুজনে অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলি সংস্কৃতি টোলৰ অস্তিত্ব নাই। ১৯৬৬ চনত সেই ভূমি উদ্ধাৰৰ বাবে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰে কেচ কৰিলে কিন্তু ৰহস্যজনক ভাবে ন্যায় নাপালে।" বুলি ভাষন প্ৰসংংগ উল্লেখ কৰি "ৰোগ হোৱাৰ আগতে তাৰ প্ৰতিৰোধ কৰাৰ প্ৰয়োজন" বুলি মন্তব্য কৰে।

অসম জাতীয় মহাসভাৰ সম্পাদক হৰেকৃষ্ণ তালুকদাৰ আৰু সাংগঠনিক সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অসম জাতীয় মহাসভাৰ তৰফৰ পৰা চিকিৎসা বিজ্ঞানী, সমাজ বিজ্ঞানী ডা: জয়ন্ত বিশ্ব শৰ্মাক নৰতনু অনুপাম বঁটা, বিধায়ক প্ৰদীপ হাজৰিকাক সত্ৰ বন্ধু বঁটা আৰু ড০ সাৱড়মল সিংহানিয়াক সিংহানিয়াক বাণীকান্ত কাকতি ভাষা বিকাশ বঁটা প্ৰদান কৰা হয়।

ভাষন প্ৰসংগত ডাঃ জয়ন্ত বিশ্ব শর্মাই "অকল ৰোগৰ চিকিৎসা কৰি সুস্থ সমাজ গঢ়িব নোৱাৰি, আমি ৰোগ প্ৰতিৰোধ কৰিব লাগিব। ৰোগ হবলৈ দি চিকিৎসা কৰাতকৈ, আগতিয়াকৈ ৰোগৰ প্ৰতিৰোধ কৰাটো বুধিয়কৰ কাম।" বুলি মন্তব্য কৰাৰ লগতে সভাতে অসমৰ একাংশ চিকিৎসকক ক্ষুৰধাৰ সমালোচনা কৰি "চিকিৎসক সকলে কমিচন খাই। এই দুৰমতি চিকিৎসক সকলৰ কিয় হৈছে? মই বুজি নাপাওঁ।

এইটো মুকলিকৈ কব পাৰো, কাৰণ মোৰ হাতত প্ৰমাণ আছে। আজিলৈকে কোনো চিকিৎসকে মোক প্ৰত্যাহ্বান জনোৱা নাই। চিষ্টেমটোতে এটা বিসংগতি সোমাইছে"। বুলি কোৱাৰ লগতে ধেমেলীয়া সুৰেৰে "আমাৰ চিকিৎসকৰ পাঠ্যপুথি বিলাকত কেলেই এটা অধ্যায় কেলেই সোমাৱা নাই? মই আচৰিত হৈছোঁ, এইটো হৈছে, কেনেকৈ কমিচনৰ ধন কোনেওঁ নজনাকে, ভদ্ৰতাৰ মুখা পিন্ধি আদায় কৰিব পাৰি।" বুলি ডাঃ জয়ন্ত বিশ্ব শর্মাই মন্তব্য কৰে।

মনিকাঞ্চন বিশ্বায়ন জ্ঞান জ্যোতি গৱেষণা কেন্দ্ৰৰ ৰূপৰেখাৰ আধাৰত বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ পৰ্যটন নিৱাসত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ পৌৰহিত্যত অনুুষ্ঠিত অনুষ্ঠানটিত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ পৰামৰ্শদাতা মাধৱ শৰ্মা, অতুল দাস, অসম জাতীয় মহাসভাৰ মহিলা কোষৰ অধ্যক্ষা স্বৰ্ণলতা পেগু, সাংস্কৃতিক সচিব সমীৰ ৰঞ্জন গোস্বামী, অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,

কাৰ্যকৰ্তা পুলিন বৰুৱা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়া, বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্ত, অধ্যাপক নৱ কুমাৰ মহন্ত, সমাজকৰ্মী অতুল মহন্তকে আদি কৰি বটদ্ৰৱা থানৰ হাটীবহাৰ কেৱলীয়া ভকত, থানৰ ভকত বৈষ্ণৱ, স্থানীয় ৰাইজ সকল উপস্থিত থাকে।

অসম জাতীয় মহাসভাৰ উদ্যোগত বটদ্ৰৱা থানত স্বাস্থ্য কল্যাণ অভিযান...
মণিপুৰৰ পৰা বিচ্ছিন্ন হ'ব কুকি-মিজো-জমি জনজাতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in