/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/ik3bvuim/samaguri-11.jpg)
চামগুৰিত নিষিদ্ধ সমষ্টিৰ বাহিৰৰ পৰা প্ৰচাৰ চলোৱা লোক...
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টিত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰিবলৈ আৰু জনসাধাৰণৰ মাজত নিৰাপত্তা আৰু শান্তি বজাই ৰাখিবলৈ নগাঁও জিলা দণ্ডাধীশ গৰাকীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত আৰু ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা ৭২ ঘন্টা আৰু ৪৮ ঘন্টা এছ অ' পি অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
উক্ত নিষেধাজ্ঞা জিলাখনৰ ৮৮ নং চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত প্ৰযোজ্য হ'ব। এই নিষেধাজ্ঞা অনুসৰি ১৩ তাৰিখে ভোটগ্ৰহণ হ'বলগীয়া অঞ্চলসমূহত ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পৰা পূৰ্বৰ ৪৮ ঘণ্টাৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ সভা, শোভাযাত্ৰা, যিকোনো ধৰণৰ নিৰ্বাচন বা ৰাজনৈতিক প্ৰচাৰ অনুষ্ঠিত কৰাতো নিষিদ্ধ কৰা হৈছে।
তদুপৰি ৮৮ নং চামগুৰি বিধান সভা সমষ্টিৰ বাহিৰৰ পৰা নিৰ্বাচনী প্রচাৰৰ বাবে অনা ব্যক্তিৰ উপস্থিতি, যিসকল ব্যক্তি উক্ত সমষ্টিটোৰ ভোটাৰ নহয় তেনে ব্যক্তিৰ দ্বাৰা চলোৱা নিৰ্বাচনী প্ৰচাৰ, সভা, সমাৱেশ, শোভাযাত্ৰাৰ লগতে যিকোনো ৰাজহুৱা স্থানত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ উক্ত ৪৮ ঘণ্টাৰ সময়ছোৱাত নিষিদ্ধ কৰা হৈছে।
অৱশ্যে এই আদেশৰ ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰৰ ক্ষেত্ৰত আৰু কর্তব্যৰত আৰক্ষী আৰু সেনা জোৱান, কৰ্তব্যৰত দণ্ডাধীশ, ন্যায়িক বিষয়া আৰু নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তি ইত্যাদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰযোজ্য হৈ থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/5lyp12g7/181fddf5-a736-4b4d-ba1d-0cd26445c5e8.jpg)
Also Read: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন...