/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/uzu3e1ea/sd-11.jpg)
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন...
ডিজিটেল সংবাদ, বটদ্ৰৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যোগত আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপবৰ্তী আটোৱাটিকা পথাৰত থকা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল স্থান(কেম্পাছ)ৰ নৱনিৰ্মিত ভৱনত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰা হয়। “গুণগত শিক্ষাৰ জৰিয়তে ভৱিষ্যত শক্তিশালী কৰা” বিষয়ৰ ওপৰত অনুষ্ঠিত এই ৰাষ্টীয় শিক্ষা দিৱসৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু সন্মানীয় অতিথিসকলে অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/7j8w9yss/7e0b29a4-ab4a-4b46-b92c-65089cf9fcdf.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰী তাপশ্ৰী শৰ্মা আৰু কৰবী কাকতিয়ে বিশ্ববিদ্যালয়ৰ গীত পৰিবেশন কৰে। পিছত ছাত্ৰ কাশ্মীৰ খনিকৰে প্ৰেৰণাদায়ক কবিতা আবৃত্তি কৰে। অনুষ্ঠানত ছাত্ৰী নাওমি ফাংচোপীয়ে শিক্ষাৰ পৰিৱৰ্তনশীল ভূমিকা সম্পৰ্কে ভাষণ দিয়াৰ লগতে লীজা দাসৰ একক নৃত্য আৰু দলীয় নৃত্য প্ৰদৰ্শন কৰা হয়।
অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল নগাঁৱৰ ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাৰ মনোমোহা ভাষণ। তেওঁৰ ভাষণত মানৱীয় মূল্যবোধৰ পৰা আৰম্ভ কৰি নৈতিক আৰু দক্ষতাভিত্তিক শিক্ষালৈকে বহুতো অত্যাৱশ্যকীয় বিষয় সামৰি লয়।
অনুষ্ঠানত অধ্যাপক ড০ মাৰ্কিন্টি শ্বেৱাৰে শিক্ষাই লালন-পালন কৰিবলগীয়া মূল মূল্যবোধ হিচাপে সুখ, শান্তি আৰু স্থিতিস্থাপকতাৰ তাৎপৰ্য্যৰ ওপৰত বক্তৃতা প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ ছেকচন অফিচাৰ উজ্জল কুমাৰ বৰা আৰু ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ড০ সৌৰভ সাহাই দক্ষতাভিত্তিক শিক্ষাৰ গুৰুত্বৰ ওপৰত ভাষন প্ৰদান কৰে।
অনুষ্ঠানৰ সামৰণি ভাষণত শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ত্ৰিবেনী শইকীয়াই জীৱন দক্ষতা শিক্ষাৰ মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কাৰ্যসূচীৰ অন্তত ছাত্ৰী নিকিতা দাসে সকলো অতিথি, অংশগ্ৰহণকাৰী আৰু আয়োজকক কৃতজ্ঞতা জ্ঞাপন কৰে।
Also Read: ইডিৰ গোচৰত জেট এয়াৰৱেছৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক জামিন প্ৰদান...