ই-ৰিক্সা চালকক প্ৰহাৰ কৰা নগাঁৱৰ ট্ৰেফিক আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা...

সামান্য কথাতে প্ৰহাৰ কৰিছিল ই-ৰিক্সা চালকক

author-image
Asomiya Pratidin
New Update
ই-ৰিক্সা চালকক প্ৰহাৰ কৰা নগাঁৱৰ ট্ৰেফিক আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা...

ই-ৰিক্সা চালকক প্ৰহাৰ কৰা নগাঁৱৰ ট্ৰেফিক আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে সন্ধিয়া নগাঁৱ চহৰত এজন সাধাৰণ ই-ৰিক্সা চালকক সামান্য কথাতে ৰাজহুৱাকৈ প্ৰহাৰ কৰা এজন যান বাহন আৰক্ষী জোৱানৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা। উল্লেখ্য যে, নগাঁৱৰ বিশাল মেগামাৰ্টৰ সন্মুখত এগৰাকী ই-ৰিক্সা চালকক ৰাজহুৱাকৈ চৰ সোধাইছিল জিতুমণি হাজৰিকা নামৰ এজন যান বাহন আৰক্ষীৰ জোৱানে।

Advertisment

এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল সেই স্থানত থকা কেইবাজনো ব্যক্তিৰ কেমেৰাত। ইয়াৰ পিছতে সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰে সামজিক মাধ্যমত। ভাইৰেল ভিডিঅ'ত দেখা পোৱা গৈছে ই-ৰিক্সা চালকজনে ভৰিত ধৰি ক্ষমাও বিচাৰিছে। কিন্তু তাৰ পাছতো জিতুমণি হাজৰিকা নামৰ যান বাহন আৰক্ষীৰ জোৱান জনে ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰহাৰ কৰে ই-ৰিক্সা চালকজনক।

এই লৈ মঙ্গলবাৰৰ পৰাই ৰাজ্যজুৰি আৰম্ভ হৈছিল ভিন্ন প্ৰতিক্ৰিয়া। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো এক্সৰ জৰিয়তে অভিযোগ কৰিছিল ভিন্নজনে। তাৰ পাছতে নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই যানবাহন আৰক্ষীৰ জোৱানজনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা। তাৎক্ষণিকভাৱে তেওঁ জিতুমণিক ৰিজাৰ্ভ ক্লজ কৰিছে। ইয়াৰোপৰি সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।

Also Read: গেৰুৱা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ সকীয়নি কোঁচ ৰাজবংশীৰ...

যানবাহন আৰক্ষী অসম আৰক্ষী