গেৰুৱা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ সকীয়নি কোঁচ ৰাজবংশীৰ...

ঢকুৱাখনা জিলা সমিতিৰ সংবাদ মেল
গেৰুৱা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ সকীয়নি কোঁচ ৰাজবংশীৰ...
গেৰুৱা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ সকীয়নি কোঁচ ৰাজবংশীৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকল। সৰ্বদিশত অৱহেলিত প্ৰতাৰিত আৰু প্ৰবঞ্চিত কোচ ৰাজবংশীসকল । শাসনৰ গাদীত বহি সকলো ৰাজনৈতিক দল আৰু শাসক গোষ্ঠীয়ে বিগত এটা দশকৰো অধিক কাল খিলঞ্জীয়া এই ভূমিপুত্ৰসকলক প্ৰাপ্য প্ৰদানৰ নামত মাত্ৰ প্ৰতাৰণাহে কৰিলে।

কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাজনৈতিক দলেই নৃগোষ্ঠীটোৰ উন্নয়ন বিকাশৰ হকে এবাৰো ৰাজনৈতিক শক্তি প্ৰয়োগ নকৰিলে।এই অভিযোগ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। ছাত্ৰ সংগঠনটোৰ ঢকুৱাখনা জিলা সমিতিৰ বুধবাৰে ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাৰ অন্তত এই মন্তব্য ৰাজহুৱা কৰে ছাত্ৰ সংগঠনটোৱে।

ছাত্ৰ সংগঠনটোৱে কয় ১২ নং লখিমপুৰ লোকসভা সমষ্টিটোত কোচ ৰাজবংশীসকলৰ মুঠ ১ লাখ ভোটাৰ আছে। এই ভূমিপুত্ৰসকলৰ প্ৰতি যোৱা ২০ টা বছৰে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাধিষ্ঠিত বিজেপি চৰকাৰে কেৱল প্ৰতাৰণাহে কৰিলে। কোচ ৰাজবংশীসকলক জনজাতিকৰনৰ ক্ষেত্ৰতে হওক জলবোমা সদৃশ, বৃহৎ নদীবান্ধৰ ক্ষেত্ৰতে হওক, স্বাস্থ্য, শিক্ষা আদি সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰতে হওক গেৰুৱা দলটোৱে মাত্ৰ শোষণহে কৰিলে।

কোচ ৰাজবংশীসকলৰ দুৰ্বলতাৰ বাবেই যুগ যুগ ধৰি প্ৰতাৰিত হৈ অহাৰ পাছত এইবাৰ ৰাজনৈতিক ভাবে সজাগ হোৱাৰ সময় আহিছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে আৰু শোষক আৰু প্ৰতাৰক বিজেপি দল আৰু এই দলৰ প্ৰাৰ্থীক সমৰ্থন নকৰে । এই ক্ষমতালোভী প্ৰতাৰক বিজেপি দলক কোচ ৰাজবংশীসকলে সমাগত নিৰ্বাচনত সবল বিৰোধিতা কৰিব লাগিব।

স্বগোষ্ঠীয় ৰাইজে একত্ৰিত হৈ প্ৰত্যাখ্যান কৰিব লাগিব এই গেৰুৱা দল আৰু দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাক। ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ,দেৱকৃষ্ণ কোচ, সহকাৰী সম্পাদক নোমল ডেকা,সাংগঠনিক সম্পাদক, বিকাশ কোচ, টংকেশ্বৰ ডেকা, দীপক কোচ, বাবাতো ডেকা, মন্টু ডেকা,পবিত্ৰ ৰাজবংশী আদি উপস্থিত থকা সংবাদমেলত গেৰুৱা দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰো ৰাজনৈতিক সক্ৰিয়তা আৰু সদিচ্ছাকলৈ শংকিত বুলি সংগঠনটোৱে মত প্ৰকাশ কৰি সমাগত লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীসকলক বিবেক ভোটৰ জৰিয়তে এজন বিশ্বাসযোগ্য সদা সক্ৰিয় ভূমিপুত্ৰ সকলৰ অভাৱ, সমস্যাসমূহ স্থায়ী সমাধান কৰিব পৰা প্ৰাৰ্থীকহে জয়ী কৰাৰ আহ্বান জনায়।

লখিমপুৰ লোকসভা সমষ্টিৰ প্রতিতো জাতি জনগোষ্ঠীৰ প্ৰাপ্য ৰাজনৈতিক ,সামাজিক অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম এগৰাকী প্ৰাৰ্থীক ভোট প্ৰদানৰ আহ্বান জনায় ছাত্ৰ সন্থাই। সদনত চকু মুদি শুই থকা বাঁহৰ মুঢ়া সদৃশ প্ৰাৰ্থীক উৎখাত কৰি এজন যোগ্য জনদায়বদ্ধ প্ৰাৰ্থীৰ সপক্ষে ভোট দানৰ আহ্বান জনায় জিলা ছাত্ৰ সন্থাই। এই ক্ষেত্ৰত অচিৰেই এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি কোচ ৰাজবংশী সকলৰ ৰাজনৈতিক সিদ্ধান্ত ৰাজহুৱা কৰা হ'ব বুলি স্পষ্ট কৰি দিযে ।

গেৰুৱা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এইবাৰ সকীয়নি কোঁচ ৰাজবংশীৰ...
মৰাণ, ডিগবৈ, দেৰগাওঁ, কলিয়াবৰ, বৰঝাৰত দুৰ্ঘটনাঃ কেইবাজনো লোক নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in