/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/13aef0db-fa12-4ac2-b73c-8b7b09bf1f3c/PCA_17.jpg)
সংবাদকৰ্মী ধনটী হীৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী পি চি এৰ...
ডিজিটেল ডেস্কঃ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ সঠিক তদন্ত দাবী কৰিছে প্ৰেছ ক্লাৱ অফ আছাম চমুকৈ পি চি এয়ে। উল্লেখ্য যে, দেওবাৰৰ নিশা দুজন সহযোগীৰ সৈতে ফটো সাংবাদিক ধনটি হীৰা গৈছিল এটা বাতৰিৰ সন্ধানত।
খবৰ আহিছিল ওচৰৰে তেলীয়া গাঁৱত উদ্ধাৰ হৈছে এটা মৃতদেহ। সেই খবৰৰ বাবে গৈ ঘৰলৈ উভতিছিল সাংবাদিকগৰাকী আৰু তেওঁৰ দুই সতীৰ্থ। ঘৰলৈ উভতাৰ পথতে নিশা প্ৰায় ১১ বজাত খাটোৱালৰ বৰভেটিত পথত ৰৈ থকা দুজন যুৱকক খুন্দা মাৰিছিল ধনটি হীৰা আহি থকা বাইকখনে।
সেই দুৰ্ঘটনাত পথত ৰৈ থকা যুৱক দুজন আহত হৈছিল। আহত যুৱক দুজন আছিল বৰভেটিৰ লক্ষীৰাম দাস আৰু অৰ্জুন দাস। সেই দুৰ্ঘটনাৰ পাছতেই হীৰাৰ লগত অহা আন দুজন যুৱক পলাই সাৰে যদিও দুৰ্ঘটনা সংঘটিত কৰাৰ বাবে ধনটি হীৰাক বেয়াকৈ প্ৰহাৰ কৰিছিল একাংশলোকে।
মূৰত যথেষ্ট আঘাত পাইছিল ফটো সাংবাদিক ধনটিয়ে। সেই আঘাততে ঘটনাস্থলীতেই ৰহস্যজনকভাৱে মৃত্যু হয় তেওঁৰ। পি চি এৰ সভাপতি কৈলাশ শৰ্মা, কাৰ্যকৰী সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক হীৰেন চন্দ্ৰ কলিতাই প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।
ইয়াৰোপৰি ধনটি হীৰা কৰ্মৰত হৈ থকা নিউজ চেনেলটোৰ মেনেজমেণ্টক শোকসন্তপ্ত পৰিয়ালটোলৈ সকলোধৰণৰ সহায়, সহযোগিতাৰো আহ্বান জনাইছে।
Also Read: নিশা কি হৈছিল চামগুৰিৰ খাটোৱালত? কেনেকৈ মৃত্যু হ'ল ধনটি হীৰাৰ...