/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/09d2859f-dccd-4277-b9ab-62aa4701db9a/ph.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ চামগুৰিত দেওবাৰৰ নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল এটা চেটেলাইট চেনেলত কৰ্মৰত ধনটি হীৰা নামৰ ফটো সাংবাদিকগৰাকীৰ। পথ দুৰ্ঘটনাত ফটো সাংবাদিকগৰাকী কিছু পৰিমাণে আহত হৈছিল যদিও একাংশলোকৰ প্ৰহাৰৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰলোকে অভিযোগ উত্থাপন কৰিছে।
ঘটনাৰ বিৱৰণী মতে, দেওবাৰৰ নিশা আন দুজন সহযোগীৰ সৈতে সাংবাদিকগৰাকী গৈছিল এটা বাতৰিৰ সন্ধানত। খবৰ আহিছিল ওচৰৰে তেলীয়া গাঁৱত উদ্ধাৰ হৈছে এটা মৃতদেহ। সেই খবৰৰ বাবে গৈ ঘৰলৈ উভতিছিল সাংবাদিকগৰাকী আৰু তেওঁৰ দুই সতীৰ্থ।
তেতিয়া নিশা প্ৰায় ১১ বাজিছিল। ঘৰলৈ উভতাৰ পথত খাটোৱালৰ বৰভেটিত পথত ৰৈ থকা দুজন যুৱকক খুন্দা মাৰিছিল ধনটি হীৰা আহি থকা বাইকখনে। সেই দুৰ্ঘটনাত পথত ৰৈ থকা যুৱক দুজন আহত হৈছিল। আহত যুৱক দুজন আছিল বৰভেটিৰ লক্ষীৰাম দাস আৰু অৰ্জুন দাস।
সেই দুৰ্ঘটনাৰ পাছতেই হীৰাৰ লগত অহা আন দুজন যুৱক পলাই সাৰে যদিও দুৰ্ঘটনা সংঘটিত কৰাৰ বাবে ধনটি হীৰাক বেয়াকৈ প্ৰহাৰ কৰিছিল একাংশলোকে। মূৰত যথেষ্ঠ আঘাত পাইছিল ফটো সাংবাদিক ধনটিয়ে।
সেই আঘাততে ঘটনাস্থলীতেই ৰহস্যজনকভাৱে মৃত্যু হয় তেওঁৰ। এই সমগ্ৰ ঘটনাক লৈ ধনটিৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছত নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে। নিশাই ঘটনাস্থলীত নগাঁৱৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।
আৰক্ষীয়ে ধনটিৰ সৈতে যোৱা যুৱক দুজনৰ পৰিচয় উদ্ধাৰ কৰি তেওঁলোককো ঘটনা সন্দৰ্ভত সোধ পোচ কৰিলে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়িত অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ধনটিৰ পৰিয়ালৰলোকে।
Also Read: প্ৰেমিকৰ সন্মুখতে কিশোৰীক দলবদ্ধ ধৰ্ষণ...