নগাঁও জিলাৰ কুমাৰটোপ-বালিগাঁৱত পথাৰ দিৱসৰ আয়োজন...

টৰিয়া-সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ অংশৰূপে এই কাৰ্যসূচী
নগাঁও জিলাৰ কুমাৰটোপ-বালিগাঁৱত পথাৰ দিৱসৰ আয়োজন...
নগাঁও জিলাৰ কুমাৰটোপ-বালিগাঁৱত পথাৰ দিৱসৰ আয়োজন...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত, ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ যুটিয়া সহযোগত ১.১৮ কোটি টকা পুঁজিৰে পৰিচালিত টৰিয়া-সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ অংশৰূপে নগাঁও জিলাৰ কুমাৰটোপ-বালিগাঁওত এখনি পথাৰ দিৱস কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অসমত বিজ্ঞান ভিত্তিক খেতিৰ প্ৰসাৰৰ জৰিয়তে টৰিয়া-সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ বাবে অসমৰ ২০খন জিলাৰ ৩০০ বিঘাকৈ পথাৰক সামৰি মুঠ ৬০০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰা হৈছে। তদুপৰি, নগাঁও জিলাৰ আন ৬০০ বিঘা পথাৰত সৰিয়হ জাতীয় শস্যৰ গাঁও হিছাপে গঢ়ি তোলাৰ সংকল্প লোৱাৰ ফলত সৰ্বমুঠ ৬৯০০ বিঘা কৃষিভূমিত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছে।

ইয়াৰ বাবে ২০ কুইন্টল পি এম ২৮ নামৰ সৰিয়হৰ উন্নত বীজ আৰু বাকী ৪৯ কুইন্টল টি এচ ৩৮ নামৰ টৰিয়াৰ উন্নত জাতৰ বীজ ব্যৱহাৰ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ- চিলঙনী, তিতাবৰ, তিনিচুকীয়া, বুৰালিক্সন, লখিমপুৰ, কাঁহিকুছি, গোসাইগাঁও, ডিফু, কৰিমগঞ্জ আৰু মন্দিৰাত অৱস্থিত গৱেষণা কেন্দ্ৰসমূহৰ উপৰিও ধেমাজি, যোৰহাট, বাক্সা, ধুবুৰী, চিৰাং, নলবাৰী, বৰপেটা, দৰং, মৰিগাঁও আৰু শোণিতপুৰত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে সম্পাদন হৈছে।

ইয়াৰে অংশৰূপে নঁগাও জিলাৰ শেনছোৱা, হালধীআটি, কুমাৰগাঁও আদি অঞ্চলক সামৰি গঢ়ি তুলিব বিচৰা তৈলবীজ গাঁৱত অনুষ্ঠিত এই পথাৰ দিৱস কাৰ্যসূচীত অসম চৰকাৰৰ নগাঁও জিলাৰ মহকুমা কৃষি বিষয়া অসীম পাঠকে সভাপতিত্ব কৰাৰ লগতে, মহকুমা কৃষি বিষয়া (মৰাপাট) মফিদুৰ ৰহমান আৰু এন এফ এচ এমৰ ৰাজ্যিক পৰামৰ্শদাতা ড০ অৰুনিমা দেৱচৌধুৰীয়ে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰাৰ উপৰিও মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ পংকজ কুমাৰ দেৱচৌধুৰী আৰু ড০ প্ৰশান্ত ভঁৰালীয়ে চমু বক্তব্য ৰাখে।

মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ বিজ্ঞানী ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে আঁতধৰা এই সভাখনিৰ সদৌ শেষত ড০ বিনোদ কলিতাই শলাগৰ শৰাই আগবঢ়ায়। উদ্যোগী কৃষক তপন বৰুৱা আৰু মুকুতা শইকীয়াক এই সভাতেই তেওঁলোকৰ কৰ্মৰাজীৰ বাবে ভূঁয়সী প্ৰশংসা কৰে। তদুপৰি পথাৰ পৰিদৰ্শন আৰু খেতি চপোৱাৰ পাচত কৃষক-বিজ্ঞানীৰ এক অন্তৰংগ আলাপেৰে পথাৰ দিৱস অনুষ্ঠানৰ সামৰণি পৰে।

নগাঁও জিলাৰ কুমাৰটোপ-বালিগাঁৱত পথাৰ দিৱসৰ আয়োজন...
ভূপেন বৰাক দোষাৰোপ কৰি তৃণমূলৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in