ভূপেন বৰাক দোষাৰোপ কৰি তৃণমূলৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত

অসমত বিৰোধী মিত্ৰতাক জৱনিকা
ভূপেন বৰাক দোষাৰোপ কৰি তৃণমূলৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত
ভূপেন বৰাক দোষাৰোপ কৰি তৃণমূলৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও নিৰ্বাচন চমু চাপি অহাৰ সময়ত বিৰোধীৰ মাজত বিভাজন স্পষ্ট হৈছে। প্ৰথমে আম আদমি পাৰ্টীয়ে দিল্লীত অসমৰ তিনিটা সমষ্টি গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত এইবাৰ তৃণমূল কংগ্ৰেছেও ঘোষণা কৰিবলৈ আগবাঢ়িছে ৪ টা কৈ সমষ্টিত দলটোৰ প্ৰাৰ্থীৰ নাম।

ইতিমধ্যে অসম তৃণমূলৰ নেতৃত্বই মমতা বেনাৰ্জীলৈ প্ৰেৰণ কৰিছে প্ৰাৰ্থী তালিকা। মমতা বেনাৰ্জীয়েও অসমত দলটোক ৪ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যিসময়ত অসমত শেষ মুহূৰ্তলৈকে ভূপেন বৰাই বিৰোধী মিত্ৰজোঁটৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজেপি বিৰোধী ভোট বিভাজন নহ'বলৈ পাৰ্যমানে চেষ্টা কৰিব বুলি মন্তব্য কৰি আহিছিল সেই সময়তে আকৌ অসমত বিৰোধীৰ এনে বিভাজন সন্দৰ্ভত অৱশ্যে তৃণমূল কংগ্ৰেছে কংগ্ৰেছ সভাপতি ভূপেন বৰাকেই দোষাৰোপ কৰিছে।

অসমত দলটোৱে বিৰোধী মিত্ৰতা ভংগ কৰি ৪ খন আসনত নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ সন্দৰ্ভত সুস্মিতা দেৱে কয়, -মিত্ৰতা আমি ভংগ কৰা নাই,ভূপেন বৰাই ভাঙিছে।আমি চাৰিটা সমষ্টি বিচাৰিছিলোঁ। এতিয়া আমি অকলেই ৪ টা সমষ্টিত নিৰ্বাচন খেলিম আৰু অকলেই জিকিম।মমতা বেনাৰ্জীক আমি প্ৰাৰ্থী তালিকা পঠাইছোঁ। তেওঁ আমাক চাৰিটা সমষ্টিত নিৰ্বাচন খেলিব দিছে। আমি ভোট বিভাজন নকৰোঁ। ভোট বিভাজন কৰা হ'লে আমি ১১ সমষ্টিতে প্ৰাৰ্থী দিলোঁ হয়। এতিয়া আমি প্ৰধান বিৰোধী হ'বলৈ গৈ আছোঁ।যুঁজি যুঁজি আমি জিকিম।

ইয়াৰোপৰি তেওঁ বিজেপি দলটো এতিয়া কংগ্ৰেছীয়েহে চলাই আছে আৰু কংগ্ৰেছক বিজেপিয়ে চলাই আছে বুলি কৈ দুয়োটা দলতে মুঠতে খিছিৰি হৈ আছে বুলিও কটাক্ষ কৰিছে।

ভূপেন বৰাক দোষাৰোপ কৰি তৃণমূলৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত
'বিটিচিত প্ৰমোদ বড়োৰ অবড়ো বিৰোধী সিদ্ধান্তক সমৰ্থন নৱ শৰণীয়াৰ'- জোন দাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in