পথ সুৰক্ষা জন আন্দোলনৰ নিচান উৰুৱাই জখলাবন্ধাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য...

পথ সুৰক্ষা জন আন্দোলনৰ নিচান উৰুৱাই জখলাবন্ধাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য...
পথ সুৰক্ষা জন আন্দোলনৰ নিচান উৰুৱাই জখলাবন্ধাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য...

ডিজিটেল সংবাদ কলিয়াবৰ: পথ সুৰক্ষাৰ সজাগতাৰ বাৰ্তাৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বাইক ৰেলী কৰি কলিয়াবৰৰ জখলাবন্ধাত মঙ্গলবাৰে বিয়লি উপস্থিত হয়। কাজিৰঙাৰ কঁহৰাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ গতিবেগত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইক ৰেলী কৰি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ জন আন্দোলনৰ নিচান উৰুৱাই আহি জখলাবন্ধাত আয়োজিত এখনি জন সভাতো ভাষণ দিয়ে।

ৰাজনৈতিক অভিপ্ৰায়হীনভাৱে বাইকৰেলীৰে বৰ্দ্ধিত পথ দূৰ্ঘটনাৰোধৰ উদ্দেশ্যে জন আন্দোলনৰ বাবে এই ৰেলী আৰম্ভ কৰি বৰ্তমানলৈকে ৩৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে, অসমৰ মুঠ পথ দুৰ্ঘটনাৰ ৭৯ শতাংশ দুচকীয়া বাহনৰ দ্বাৰা সংঘটিত হৈছে।

নগাঁও জিলাৰ প্ৰথমখন সভা আজি জখলাবন্ধাত অনুস্থিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় চলিত বছৰটোত জানুৱাৰীৰ পৰা নৱেম্বৰলৈ কেৱল নগাঁও জিলাত পথ দুৰ্ঘটনাত ২০৩ জন লোক নিহত হৈছে। তিনিবছৰত নগাঁৱত ৫০০ জনৰো অধিক প্ৰাণহানি হোৱা বুলিও তেওঁ জানিবলৈ দি ৰাইজক এই ক্ষেত্ৰত যথেষ্ট সজাগ হব লাগিব বুলি মন্তব্য কৰে ।

বিগত বৰ্ষত ৰাজ‍্যত ২৯৯৪ গৰাকী লোক দুৰ্ঘটনাত মৃত্যু হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। নতুন বৰ্ষত গুৱাহাটীবাসীৰ বাবে ভাল খবৰ দিব বুলি মন্তব্য কৰি মন্ত্ৰী শুক্লবৈদ‍্যই কয়, মুখ‍্যমন্ত্ৰীয়ে নতুন বৰ্ষত গুৱাহাটীত গ্ৰীণ বাচৰ শুভাৰম্ভ কৰিব।

ৰাষ্ট্ৰীয় পথত চলাচল কৰা ই-ৰিক্সাসমূহৰ নিয়ন্ত্ৰনৰ ব‍্যৱস্থাৰ কাম শীঘ্ৰে আৰম্ভ কৰিব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। বি জে পিৰ জিলা সভাপতি বাবুল বৰাৰ উপস্থিতিত দৰ্শন মহন্তই আঁত ধৰা সভাখনিত নগাঁও জিলা পৰিবহণ বিষয়া সুনিত কুমাৰ বৰা আৰু কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰেও ভাষণ দিয়ে। সভা শেষ কৰিয়ে মন্ত্ৰীগৰাকীয়ে পুনৰ বাইক ৰেলীৰে নগাঁও সদৰ অভিমুখে ৰাওনা হয়।

পথ সুৰক্ষা জন আন্দোলনৰ নিচান উৰুৱাই জখলাবন্ধাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য...
বুধবাৰৰ পৰা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনঃ প্ৰস্তুতি সম্পূৰ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in