বুধবাৰৰ পৰা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনঃ প্ৰস্তুতি সম্পূৰ্ণ...

বুধবাৰৰ পৰা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনঃ প্ৰস্তুতি সম্পূৰ্ণ...
বুধবাৰৰ পৰা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনঃ প্ৰস্তুতি সম্পূৰ্ণ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভূটীয়াপাৰা খেলপথাৰত ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ব। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনক লৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ভূটীয়াপাৰা খেলপথাৰ আটকধুনীয়াকৈ সজাই -পৰাই তোলা হৈছে ।

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত মূলদ্বাৰ মুকলি কৰিব মুৰুলীধৰ মেধিয়ে। ৯ বজাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সন্থাৰ সভাপতি লক্ষণ নাথে। নাথ যোগী সাংস্কৃতিক পতাকা উত্তোলন কৰিব আদৰণি সমিতিৰ সভাপতি লৰেন্স ইছলাৰীয়ে ।

১১ বজাত যোগী গুৰু গোৰক্ষনাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব দ্বীজেন গোস্বামীয়ে। ১১ বজাত গছপুলি ৰোপণ কৰিব অভ্যৰ্থনা সমিতিৰ সম্পাদক ধনঞ্জয় নাথে। ১২ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব বকুল নাথে ।

সন্ধিয়া অনুষ্ঠিত হ'ব এউ'ৰী উৎসৱ । আনহাতে ২৮ ডিচেম্বৰৰ পুৱা ১১ বজাত প্ৰতিনিধি পঞ্জীয়ন, দুপৰীয়া ১ বজাত প্ৰতিনিধি সভা, বিয়লি ৩ বজাত মুকলি মঞ্চ উদ্বোধন কৰা হ'ব। উদ্বোধন কৰিব নাগাৰা নাম শিল্পী কৰিশ্মা নাথে।

ইয়াৰ পিছতেই অনুষ্ঠিত হ'ব মুকলি সভা, য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আছুৰ মুখ্য উপদেষ্ঠা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ জাতীয় দল -সংগঠনৰ নেতৃবৰ্গ।

ইয়াৰোপৰি ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ পাঞ্জাৱ আদি ৰাজ্যৰ নাথ যোগী সমাজৰ নেতৃবৰ্গ, অখিল ভাৰতীয় নাথ যোগী সমাজৰ নেতৃবৰ্গ আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব । আনহাতে অধিবেশনৰ অন্তিমদিনা পুৱা ১০:৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হ'ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন চন্দ্ৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু টাই আহোম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈয়ে।

তদুপৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, অভিনেতা বিবেক বৰা, কণ্ঠশিল্পী গৌৰাংগ ৰাগ নাথ আদিয়ে। বিয়লি ৩বজাত ৭০০০ নাথ যোগী নাচনীৰ দ্বাৰা নাথ-যোগী কৃষ্টি প্ৰদৰ্শন কৰা হ'ব ।

বিয়লি ৪ বজাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথৰ সভাপতিত্বত অনুষ্ঠিত হ'ব দ্বিতীয়খন মুকলি সভা, য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেবিনেট মন্ত্ৰী অশোক সিংঘাল, মুখ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিটিচি প্ৰধান প্ৰমোদ বড়ো।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আদিকে ধৰি বহু কেইজন লোকে। ইপিনে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গে ।

তদুপৰি ভৃগু কাশ্যপে গীতৰ শৰাই আগবঢ়াব । নিশা ১১ বজাত অনুষ্ঠিত হ'ব বিষয় বাচনি সভা। য'ত অনাগত কাৰ্যকালৰ বাবে নাথ যোগী ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হ'ব।

উল্লেখ্য যে, কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভূটীয়াপাৰা খেলপথাৰত অহা ২৭ , ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনক লৈ আজিৰে পৰাই উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে । আলহীক আপ্যায়নৰ বাবে খেলপথাৰতে নিৰ্মান কৰা নাথ যোগী গাঁৱৰ বাকৰিত গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে পিঠাগুৰী খুন্দিছে ।

তদুপৰি ৭০০০ নাথ যোগী নাচনীৰ দ্বাৰা নাথ-যোগী কৃষ্টি প্ৰদৰ্শনৰ আখৰা চলিছে উদযাপনথলীতে । ইপিনে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সংবাদমাধ্যমৰ আগত কয় যে, অধিবেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু এইবাৰৰ অধিবেশনখনে ইতিহাস সৃষ্টি কৰিব।

অধিবেশনথলী সকলো জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হ'ব আৰু ইয়াৰ পৰাই এক সমন্বয়ৰ বাৰ্তা যাব । দ্বিতীয় সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশনতে কেন্দ্ৰীয় কমিটি নতুনকৈ গঠন হোৱাৰ সম্ভাৱনা আছে আৰু অধিবেশনৰ প্ৰতিনিধি সভাত নাথ-যোগীৰ স্বাৰ্থত কিছুমান প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।

বুধবাৰৰ পৰা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিবেশনঃ প্ৰস্তুতি সম্পূৰ্ণ...
BVFC উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in