কাজলগাঁৱত "বেটি বচাও বেটি পঢ়াও" শীৰ্ষক কাৰ্য্যসূচীৰ শুভাৰম্ভ

"বেটি বচাও বেটি পঢ়াও" শীৰ্ষক কাৰ্য্যসূচীৰ শুভাৰম্ভ
"বেটি বচাও বেটি পঢ়াও" শীৰ্ষক কাৰ্য্যসূচীৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস উদযাপন কৰা হয় । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বন্তি প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।

সমগ্ৰ দেশজুৰি ১৮ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈকে ৰাষ্ট্ৰীয় শিশু কন্যা সপ্তাহ উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় শিশু কন্যা সপ্তাহৰ লগত সঙ্গতি ৰাখি "বেটি বচাও বেটি পঢ়াও" শীৰ্ষক কাৰ্য্যসূচী চিৰাং জিলাত প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰি বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে দেশৰ অন্যান্য ৰাজ্য সমূহত লিঙ্গ বৈষম্যৰ নামত কন্যা সন্তান জন্ম লাভ কৰাৰ আগতেই ভ্ৰুণ হত্যা কৰাৰ এক অশুভ পৰম্পৰা আছিল সেই সময়তো কিন্তু আমাৰ অসমত এই লিঙ্গ বৈষম্য বা ভ্ৰুণ হত্যাৰ দৰে কোনো তেনেকুৱা অপৰাধ সংঘটিত হোৱাৰ নজিৰ নাছিল। কিন্তু বেটি পঢ়াও দৰে সমস্যা কিন্তু কিছু পৰিমানে এতিয়াও আছে ।

যাৰ কাৰণে এই বিষয়টোৰ ওপৰত গুৰুত্বাৰোপ কৰি মহিলা আৰু শিশু কল্যাণ বিভাগৰ লগতে সামান্তৰাল ভাৱে শিক্ষা বিভাগেও এইক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায় । পিতৃ মাতৃ সকলেও যাতে নিজৰ সন্তানৰ পোহপাল দিয়া বা শিক্ষা,দীক্ষাৰ গ্ৰহণৰ ক্ষেত্ৰত লিঙ্গ বৈষম্য নকৰে তাৰ বাবে বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ জৰিয়তে কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় । ল'ৰাৰ লগতে ছোৱালীসকলকো সকলো দিশতে সমানে আগবাঢ়ি যাবলৈ সুযোগ দিয়াৰ কথা উল্লেখ কৰে ।

ভাষণ প্ৰসংগত বিধায়ক জয়ন্ত বসুমতাৰীয়ে নিজৰ দুটি কণমানি সন্তানৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ এগৰাকী জীয়ৰী আৰু এটি পুত্ৰ সন্তান আছে কিন্তু সন্তান দুটিৰ মাজত তেওঁ কেতিয়াও লিঙ্গ বৈষম্য দৃষ্টিৰে চাই পোৱা নাই কিয়নো আমাৰ এই সমাজ ব্যৱস্থাত লিঙ্গ বৈষম্যৰ মানসিকতা থকা লোকৰ কোনো স্থান নাই বুলি মন্তব্য কৰে ।

আজিৰ এই ৰাষ্ট্ৰীয় শিশু কন্যা দিৱসৰ কাৰ্য্যসূচীত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, ৰিংখাং মুছাহাৰী জিলা মহিলা আৰু শিশু কল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ৰেহেনা বেগম, শিক্ষা বিভাগৰ হৈ জিলা আচঁনি বিষয়া নৱ শংকৰ দাস, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, জিলা শিশু কল্যাণ সমিতিৰ সভাপতি আব্দুল বাতেন আহমেদ, জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথৰ উপৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকলে বেটি বাচাও, বেটি পঢ়াও ৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ।

আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু কন্যা সপ্তাহত জিলাখনৰ কি কি কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে তাৰ প্ৰেছ বিজ্ঞপ্তি প্রকাশ কৰা হয় । অনুষ্ঠানৰ অন্তত সমাজৰ পৰা ভ্ৰুণ হত্যা বন্ধ কৰা, লিঙ্গ বৈষম্য দুৰ কৰি সকলৰ সমান অধিকাৰ হকে কাম কৰি যোৱাৰ শপত বাক্য পাঠ কৰোৱা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in