নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক পাচিয়াপ্পান পি. উপস্থিত

 নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক  পাচিয়াপ্পান পি. উপস্থিত

ডিজিটেল সংবাদ, নগাঁও: আগন্তুক লোকসভা নিৰ্বাচনৰ ৯ নং নগাঁও লোকসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক, ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া পাচিয়াপ্পান পি. (Panchiyappan P,IRS)দায়িত্বভাৰ গ্ৰহণ কৰি বুধবাৰে সন্ধিয়া জিলাখনত উপস্থিত হয়। নিৰ্বাচনী ব্যয় সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ সম্পৰ্কত ব্যয় পৰ্যবেক্ষক গৰাকীক ৮৪৭২০৪৭৮৭৬ নম্বৰত যোগাযোগ কৰিব পাৰিব জনতাই।

বৃহস্পতিবাৰে ব্যয় পৰ্যবেক্ষকগৰাকীয়ে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত নির্বাচনী ব্যয় পৰীক্ষণ কোষ (Election Expenditure Monitoring Cell)ৰ নডেল বিষয়া, জিলা আৰক্ষী অধীক্ষক, নিৰ্বাচনী বিষয়া, সহকাৰী নিৰ্বাচন বিষয়া (ARO), আৰু নিৰ্দিষ্ট নিৰ্বাচনী কোষ সমূহৰ বিষয়াসকলৰ লগত এখন আলোচনা সভাত মিলিত হয়। সভাত তেওঁ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰুৰূপে পৰিচালনা কৰি সমাপন কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গক আহ্বান জনায়। লগতে প্ৰশিক্ষণৰ প্ৰয়োজন হ'লে তেওঁক অৱগত কৰিবলৈ কয়। এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে বিষয়াগৰাকীয়ে।

 নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক  পাচিয়াপ্পান পি. উপস্থিত
ৰঙিয়াত মহিলা সন্ধানহীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in