/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f1ca8376-66ac-440d-b352-f1fc6ba255c4/fsdfdfdfdf.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াত এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰি তুলিছে । উল্লেখ্য ৰঙিয়াৰ মূৰাৰাৰ পুখুৰীপাৰৰ পূৰবী কাকতি (৩২) নামৰ মহিলা গৰাকী ২৫ মাৰ্চত ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ আছে ।
ইফালে এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে ওচৰে পাজৰে বিচাৰ খোচাৰ কৰে যদিও পিছত এতিয়ালৈ ঘৰলৈ উভতি নহাত অৱশেষত পৰিয়ালে ৰঙিয়া থানাত এজাহাৰ দিয়ে । চুৰিদাৰ পৰিহিত ৫ ফুট উচ্চতাৰ মহিলাগৰাকীৰ কোনাবাই সম্ভেদ লাভ কৰিলে ৬৯১৩৬১৮৮৯৪ নম্বৰত ফোন কৰি জনাবলৈ পৰিয়ালৰলোকে বিনম্ৰতাৰে আহ্বান জনায় ।
Also Read: নিৰ্বাচনী ৰণডংকা! মোডীক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ বিজেপিক ভোট দিবলৈ আহ্বান...