অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মকান্ত কলিতাৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মকান্ত কলিতাৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
 অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মকান্ত কলিতাৰ দেহাৱসান

ডিজিটেল সংবাদ,নগাঁও : নগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত অৱসৰপ্ৰাপাপ্ত আৰক্ষী বিষযা পদ্মকান্ত কলিতাৰ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে। পুৰণিগুদাম নামপানীগাৱঁৰ ৰাইজৰ মাজত এজন সৰ্ব্বজন সমাদৃত ব্যক্তি কলিতাৰ জন্ম হৈছিল ১৯৪৭ চনৰ ৩১ অক্টোবৰত ।

Advertisment

সুদীৰ্ঘকাল তেওঁ অসম অষ্টম আৰক্ষী বাহিনীৰ কাৰ্যনিৰ্বাহ কৰি পৰিদৰ্শক হিচাপে ২০০৬ চনৰ জুন মাহত অৱসৰ গ্ৰহণ কৰিছিল। কলিতাৰ নিয়মানুবৰ্তিতা আৰু শৃংখলাবদ্ধতা গুণে সকলোকে সহজতেই আপ্লুত কৰিছিল । কলিতাৰ বিয়োগত নামপানীগঞা ৰাইজৰ লগতে বিভিন্ন শুভকাংশীয়ে শোক ব্যক্ত কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ-বোৱাৰী, জী- জোৱাঁই, নাতি-নাতিনী ‌, ভাগিন ভতিজা, ভাতৃ ভগ্নী আৰু অনেক ‌গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ।

Also Read: অৱশেষত গ্ৰেপ্তাৰ পুত্ৰ-পত্নীৰ হত্যাৰ মূল অভিযুক্ত জগদীশ হালৈ...