অৱশেষত গ্ৰেপ্তাৰ পুত্ৰ-পত্নীৰ হত্যাৰ মূল অভিযুক্ত জগদীশ হালৈ...

বুধবাৰে আলিপুৰ দুৱাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জগদীশ হালৈক। পুত্ৰ আৰু পত্নীক হত্যা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
অৱশেষত গ্ৰেপ্তাৰ পুত্ৰ-পত্নীৰ হত্যাৰ মূল অভিযুক্ত জগদীশ হালৈ...

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ নলবাৰী বৰসৰকুছিৰ ডব'ল মাৰ্ডাৰ ঘটনাৰ মূল অভিযুক্ত। বুধবাৰে আলিপুৰ দুৱাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জগদীশ হালৈক। পুত্ৰ আৰু পত্নীক হত্যা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।

Advertisment

অভিযোগ অনুসৰি জগদীশ হালৈয়ে গামোচাৰে মেৰিয়াই হত্যা কৰিছিল পত্নী কবিতা হালৈ আৰু পুত্ৰ হৃষিকেশ কাশ্যপক। পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যপক লৈ মানসিক চাপত আছিল জগদীশ হালৈ। উল্লেখ্য যে পুত্ৰ হৃষিকেশ কাশ্যপ আছিল বিশেষভাৱে সক্ষম।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া পত্নীৰ সৈতে পুত্ৰ হৃষিকেশৰ জন্মদিন পালন কৰিছিল জগদীশ হালৈয়ে। সেইদিনা নিশাই পত্নী-পুত্ৰক হত্যা কৰি মৃতদেহৰ সৈতে নিশা কটাইছিল জগদীশে।

পিছদিনা পুৱা পলায়ন কৰি জগদীশ হালৈয়ে বাহৰ পাতিছিল আলিপুৰ দুৱাৰত। অৱশেষত জগদীশৰ ভাতৃ তপন হালৈৰ ফোন টেপিঙৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আলিপুৰ দুৱাৰৰ এখন হোটেলৰ পৰা কৰায়ত্ত কৰে জগদীশ হালৈক।

ইতিমধ্যে নলবাৰী আৰক্ষী থানা আহি পাইছে জগদীশক লৈ আৰক্ষীৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: খনি কেলেংকাৰীঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ চিবিআইৰ চমন

Assam police