ডিজিটেল সংবাদ, নগাঁওঃ জাতি, মাটি, ভেটিৰ শ্লো'গানেৰে শাসনৰ গাদীত বহা বিজেপি-অগপ চৰকাৰৰ দিনতেই যেন পদে পদে জাতি,মাটি, ভেটি হেৰুৱাই পেলাইছে অসমীয়াই । ২৫ মে'ত বিজেপি চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰায় ৪৫০০০ নিবনুৱাৰ নিযুক্তি দিয়াৰ খবৰে ৰাজ্যবাসীক আনন্দ দিলেও এখন বিদ্যালয়ত অনা অসমীয়াক নিযুক্তি দি থলুৱাৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰাৰ লগতে মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাক অপমান কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে, নগাঁও জিলাৰ মহখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ত শেহতীয়াকৈ নিযুক্তি দিছে এগৰাকী অনা অসমীয়া ব্যক্তিক । জাতীয়তাবাদী ভাৱধাৰাৰে কম বয়সতে ভাষা ৰক্ষা আন্দোলনত যোগ দি প্ৰাণ আহুতি দিয়া অনিল বৰা সম্পৰ্কে সুধাকন্ঠ ভূপেন হাজৰিকাই লিখিছিল, “শ্বহীদ অনিল বৰা পলাশনিৰ সবাতোকৈ ৰঙা পলাশ ফুল এপাহ আছিল, যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থকা মানে, - ক’তা, অসমৰ বাহিৰৰ এখন ৰাজ্যৰ কোনোবা বাতৰি কাকতে কোৱাৰ দৰে “ডকাইত’’তো নেদেখিলোঁ-- পলাশনি গাঁৱত ৷’’
অথচ আজি সেই পলাশনি গাঁৱৰ সমীপতে শ্বহীদ গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে স্থাপন কৰা উচ্চ মাধ্যমিক বিদ্যালয়খনত এগৰাকী অনা অসমীয়াক নিযুক্তি দি মাধ্যম আন্দোলনৰ শ্বহীদ গৰাকীক চৰম অপমান কৰা বুলি নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বনিয়াৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে বিদ্যালয়খনত উপস্থিত হৈ প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্তক সাক্ষাৎ কৰি বিদ্যালয়খনত ৰাজ্য চৰকাৰে কৰা প্ৰতাৰণাৰ সম্পৰ্কে আলোচনা কৰি ৰাজ্য চৰকাৰক অতি শীঘ্ৰে এগৰাকী থলুৱা অসমীয়াক নিযুক্তিৰ দাবী তুলিছে।
যিখিনি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয় সমূহত নিযুক্তিৰ ক্ষেত্ৰত অসমীয়া ভাষা মাতৃভাষা হিচাপে থাকিব লাগিব বুলি ঘোষণা কৰে, সেই একে সময়তে অনা অসমীয়া এগৰাকীক নিযুক্তিৰে কিহৰ ইংগিত দিয়া বুলিও সভাপতি বনিয়াই ৰাজ্য চৰকাৰৰ প্ৰতি এক হুংকাৰ দিয়ে। জাতীয় আৱেগ জড়িত থকা বিদ্যালয়খনত তৎকালীনভাৱে এগৰাকী অসমীয়া নিবনুৱাক নিযুক্তি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সঁজাতি দলটোৱে জানিবলৈ দিয়ে । সঁজাতি দলত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমনি বড়া, জিলা সমিতিৰ প্ৰবাল শৰ্মা, দিব্যজিৎ হাজৰিকা, দিপাংকৰ শৰ্মা, হেমন্ত দাস, কংকন বৰা, দৰ্শন কাকতি প্ৰমুখ্যে কৰি সংগঠনটোৰ বহু কেইজন নেতা কৰ্মী ।