ইটাখোলাত ১২টা মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ বেংক কৰ্মচাৰীৰ...

ইটাখোলাত ১২টা মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ বেংক কৰ্মচাৰীৰ...

ডিজিটেল সংবাদ, ইটাখোলাঃ অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাৰ পৰা ঋণ লোৱা ১২ টা কৈ আত্ম সহায়ক গোটৰ টকা আত্মসাৎ কৰাৰ অভিযোগ । ধন আত্মসাৎ কৰি পলায়ন কৰি থকাৰ অভিযোগ বেংক এজেন্টৰ বিৰুদ্ধে ।

অভিযুক্ত বেংক এজেন্ট জনৰ নাম হৈছে ধ্ৰুৱজ্যোতি শইকীয়া ৷ উল্লেখ্য যে ইটাখোলা অঞ্চলৰ একাংশ দুখীয়া দৰিদ্ৰ গঞাঁ মহিলাই আত্ম সহায়ক গোটৰ জৰিয়তে টকা ঋণ লৈছিল অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাটোৰ পৰা ৷ মহিলা সকলে ঋণ লাভ কৰাৰ ক্ষেত্ৰত সকলো সহযোগিতা আগবঢ়াইছিল বেংকটোৰ দ্বাৰা নিয়োজিত এজেণ্ট ধ্ৰুৱজ্যোতি শইকীয়াই ৷

পিছত এজেণ্টগৰাকীয়ে প্ৰতিগৰাকী মহিলা তথা গোটৰ সদস্যাৰ পৰা ঋণ পৰিশোধৰ নামত ধন সংগ্ৰহ কৰি উক্ত ধন বেংকত জমা দিয়াৰ পৰিৱৰ্তে সমুদায় ধন আত্মসাৎ কৰে ৷ ভুক্তভোগী মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলে অভিযোগ কৰা মতে বেংকৰ এজেন্ট ধ্ৰুৱজ্যোতি শইকীয়াই প্ৰায় পাঁচ লাখ টকা নিজৰ পকেটত ভৰাই সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ মঙ্গলবাৰে বৃহত্তৰ অঞ্চলটোৰ মহিলা সকল একত্ৰিত হৈ ধ্ৰুৱজ্যোতি শকীয়াই কৰা প্ৰতাৰণা প্ৰৱঞ্চনাৰ বিৰুদ্ধে ইটাখোলাস্থিত শংকৰদেৱ ভৱনত প্ৰতিৱাদী সভা অনুষ্ঠিত কৰাৰ লগতে ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে ৷

ইটাখোলাত ১২টা মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ বেংক কৰ্মচাৰীৰ...
ধেমাজি জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in