শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ঔ-অনা প্ৰাথমিক শাখাৰ প্ৰাক্তন সম্পাদক প্ৰয়াত হৰকান্ত বৰাৰ স্মৃতিচাৰণ সভা

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কেইবাগৰাকী ভকত বৈষ্ণৱে ঔ-অনা প্ৰাথমিকৰ দুটা কাৰ্যকালৰ সম্পাদক হিচাপে সেৱা আগবঢ়োৱা নিষ্ঠাবান, অমায়িক, মৰমীয়াল প্ৰয়াত হৰকান্ত বৰাৰ কৰ্ম জীৱনৰ আলোকপাত কৰে।

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ঔ-অনা প্ৰাথমিক শাখাৰ প্ৰাক্তন সম্পাদক প্ৰয়াত হৰকান্ত বৰাৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলাৰ ঔ-অনা প্ৰাথমিক শাখাৰ একনিষ্ঠ সংগী, গুৰুজনাৰ একান্ত সেৱক হৰকান্ত বৰাৰ যোৱা ৭ ফেব্ৰুৱাৰীত বিয়োগ হয়। শনিবাৰে তেখেতৰ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা ঔ-অনা গাঁৱৰ বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

Advertisment

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কেইবাগৰাকী ভকত বৈষ্ণৱে ঔ-অনা প্ৰাথমিকৰ দুটা কাৰ্যকালৰ সম্পাদক হিচাপে সেৱা আগবঢ়োৱা নিষ্ঠাবান, অমায়িক, মৰমীয়াল প্ৰয়াত হৰকান্ত বৰাৰ কৰ্ম জীৱনৰ আলোকপাত কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ঔ-অনা প্ৰাথমিকৰ সম্পাদক চন্দ্ৰধৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলাৰ পূৱ আঞ্চলিকৰ প্ৰাক্তন সভাপতি দেৱ প্ৰসাদ ভূঞা, সদস্য জ্যোতি প্ৰসাদ শইকীয়া, প্ৰদীপ শইকীয়া, অনন্ত ভূঞা কে আদি কৰি অঞ্চলটোৰ চাৰি শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে।

Also Read: দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ সপ্তম সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান

srimanta sankardev sangha batadrava nagaon