/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/56d3f970-ab65-4289-910e-b09c03c8361d/AP_FOR_WEB_keshab_mahanta_.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ দুদিনীয়া কাৰ্যসূচীৰে সপ্তম সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰা হয়। অনুষ্ঠানৰ ১৬ ফেব্ৰুৱাৰী তথা প্ৰথম দিনৰ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8dbf8450-ed4d-46cd-bea5-d3a36968d9e3/b7a415b5_18ac_4fb7_9707_2f55ff2ea936.jpg)
কাৰ্যসূচী অনুযায়ী শনিবাৰে নেডফি্ হাউচৰ প্ৰেক্ষাগৃহত এটি বৰগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বন্তি প্ৰজ্বলন কৰে।
আনহাতে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, ডা০ সিদ্ধাৰ্থ সিঙ, চিকিৎসা শিক্ষা সঞ্চালক ডা০ অনুপ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্য আৰু ভাৰতীয় নৌসেনাৰ চিকিৎসা সেৱা বিভাগৰ সঞ্চালক প্ৰধান ডা০ আৰতি সাৰিন। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ নৱনিযুক্ত সঞ্চালক ডা০ স্মৃতি গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/31d6a3af-79d1-457e-b8a2-28ad8591a55d/428643341_944680560358834_4109648926046121676_n.jpg)
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্যই কয় যে, ব্লাড, স্তন, হাঁওফাঁওকে ধৰি ৫ প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰায়সংখ্যকৰ দেহত ধৰা পৰে। ইয়াৰ মূল কাৰণ হৈছে ধঁপাত সেৱন। ধঁপাতে বহুতৰে জীৱনলৈ অমানিশা নমাই আনিছে।
এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ হাস্পতালৰ আশে-পাশে থকা দোকানসমূহত যাতে ধঁপাত বিক্ৰী নহয় তাৰ বাবে স্বাস্থ্য মন্ত্ৰীক ডা০ অচ্যুৎ চন্দ্ৰ বৈশ্যই অনুৰোধ জনায়। অনুষ্ঠানত আনগৰাকী অতিথি ডা০ অনুপ বৰ্মনে কয়- ভাৰতৰ বহু ৰাজ্যতকৈ অসম কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়া। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শীতাৰ বাবে ই সম্ভৱ হৈ উঠিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ff6727cf-5893-47aa-ba74-85994ed987f9/428601634_944679883692235_9097638845282265500_n.jpg)
মানুহৰ সুবিধাৰ্থে ভিতৰুৱা অঞ্চলসমূহতো কৰ্কট প্ৰতিষ্ঠানৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। ভাৰতৰ বহু কৰ্কট প্ৰতিষ্ঠানতকৈ অসমৰ ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটত বহু উন্নতমানৰ সা সুবিধা আছে বুলি ডা০ বৰ্মনে মন্তব্য কৰে ।
ইয়াৰোপৰি মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী কেশৱ মহন্তই কয়- আমি দুটা দিশত আগবাঢ়িব লাগিব। প্ৰথম চিকিৎসা আৰু দ্বিতীয়তে শৈক্ষিক দিশ। এই ৭বছৰত চিকিৎসা দিশৰ পৰা চালে ইয়াৰ মান উন্নত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3881c88e-5d6e-4bae-aa51-6d1f7a90bfaf/620d2b43_8ec6_4c00_acb3_7230ba943a4c.jpg)
অৱশ্যে শৈক্ষিক দিশত কিছু গুৰুত্ব দিব লগা আছে। ইতিমধ্যে তেওঁ এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগীয় মুৰব্বীৰে আলোচনা কৰাৰ কথা উল্লেখ কৰে। আনহাতে অনাগত সময়ত আৰু ৬খন ছুপাৰস্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে। অহা মাৰ্চ মাহৰ পৰা ৯খন কেন্সাৰ হাস্পতালত চিকিৎসা কাৰ্য সম্পন্ন কৰিব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f5d964a8-b189-4ad8-a83a-8149ffb89b94/96670c5f_74cc_4fa8_b1d5_37ae415c3bae.jpg)
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কৰ্কট প্ৰতিষ্ঠানৰ উত্তৰণ সন্দৰ্ভত টাটাৰ লগত যোগাযোগ কৰি থকাৰ কথা জানিবলৈ দিয়ে। ইফালে শিলচৰত নিৰ্মাণ কৰিব লগা কৰ্কট প্ৰতিষ্ঠান সন্দৰ্ভতো তেওঁ উপস্থিত ৰাইজক অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9fdd5685-0258-4a25-b76c-54911d2130ca/fdffb0ec_0b5d_4d89_9e1e_5585052eb62c.jpg)
ভাষণ প্ৰসংগত মন্ত্ৰী মহন্তই কয়- চিকিৎসা প্ৰদান কৰাৰ কথা ভবাতকৈ মানুহ কেনেকৈ নিৰোগী হৈ থাকিব পাৰে তাৰহে চিন্তা কৰিব লাগে। Palliative Care আৰু Early Diagnosis সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰদান কৰে। যন্ত্ৰণাকাতৰ তথা অসহায় অৱস্থালৈ ৰোগীয়ে যেতিয়া গতি কৰে, তেতিয়া এই সময়চোৱাত ৰোগীয়ে মৃত্যুৰ ক্ষণ গণি এটা দুর্বিষহ জীৱন-যাপন কৰিব লগাত পৰে। সেয়েহে Palliative Care আৰু Early Diagnosisৰ ক্ষেত্ৰত পৰিকল্পনা আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4f897146-10f1-4d4f-914b-908a8e6a12ce/ecdabc9f_b8e0_4349_bc60_d002616580d8.jpg)
এই সম্পৰ্কে তেওঁ কয় যে, এইটো এটা বিশেষ ব্যৱস্থা হিচাপে স্বাস্থ্য বিভাগে গুৰুত্ব দিছে। সেয়েহে Palliative Care সম্পৰ্কে চিকিৎসা শাস্ত্ৰত পাঠ্যক্ৰম যুগুত কৰা হৈছে। ইতিমধ্যে ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউটত পেলিয়েটিভ সম্পৰ্কে পাঠদান কৰাৰ উপৰি প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b320ad70-c602-4527-bcfe-7b323057a4b4/dc084b3b_9a44_4721_9a92_28904c1ce95e.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, উক্ত অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচীত ডা০ সান্তনা কাশ্যপ বৰুৱাই Pain & Palliative Medicine সম্পৰ্কে বিশ্লেষাণাত্মক বক্তব্য দাঙি ধৰিছিল। চিকিৎসকগৰাকীয়ে বিষয়বস্তু সম্পৰ্কে ইতিহাস, বুনিয়াদ আৰু সাম্প্ৰতিক অৱস্থাৰ বিষয়ে বহলাই আলোচনা কৰিছিল। তাৰোপৰি ইয়াৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে বিষদভাৱে উপস্থাপন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0974e2f4-c2aa-47d9-98d0-349d84c3dae6/7d2f5db3_3741_4dd5_848b_e349e333c6a4.jpg)
ইফালে অনুষ্ঠানৰ অন্তত ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা বিভিন্ন বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালিকা ডা০ স্মৃতি গোস্বামী, অধীক্ষক ডা০ দেৱজিত চৌধুৰী,ডা০ বিভূতি ভুষণ বৰঠাকুৰ আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক ডাঃ বি চি গোস্বামী আদিৰ লগতে জ্যেষ্ঠ তথা আন আন চিকিৎসকসকল উপস্থিত থাকে।