বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত শিশু উদ্যানৰ শুভাৰম্ভ

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত শিশু উদ্যানৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত নগাঁও জিলাৰ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ চোতালত বুধবাৰে খেলনা সামগ্ৰী স্থাপন কৰি এখনি শিশু উদ্যানৰ শুভাৰম্ভ কৰা হয়। শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ হৈ বিশাল আগৰৱালাই "খেলা-সামগ্ৰীয়ে কণমানি সকলৰ শাৰিৰীক আৰু মানসিক বিকাশ কৰাৰ লগতে আকাংক্ষাকো ডেউকা প্ৰদান কৰে৷

খেলা-সামগ্ৰীয়ে কেৱল মন আনন্দিত কৰাই হয়, লক্ষ্যও নিৰ্ধাৰিত কৰে৷ এনে খেলা-সামগ্ৰীৰ আধৰুৱা সপোন থকা ঠাইৰ শিশুসকলক খেলা ধূলাৰ সুবিধা প্ৰদানে মনলৈ প্ৰশান্তি আনে। মন উৰি যায় শৈশৱলৈ।" বুলি ভাষন প্ৰদান কৰে। নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি সুনিল বৰুৱাই বন্তি প্ৰজ্বলন কৰি আৰম্ভণি কৰা অনুষ্ঠানটিত বটদ্ৰৱাৰ জেষ্ঠ নাগৰিক, শিল্পী থুলেশ্বৰ কোছৰ দ্বাৰা ফিটা কাটি উদ্যান খনিৰ দ্বাৰ মুকলি কৰা হয়।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ মূৰব্বী আশা দেৱী আগৰৱালা, সন্দীপ মুদ্ৰা, ৰস্নি আগৰৱালা, হিৰণ্য কলিতা, ধৰিত্ৰী শৰ্মা, কানু লস্কৰকে আদি কৰি অতিথি বৃন্দ, ছাত্ৰ ছাত্ৰী, অভিভাৱক-আভিভাবিকা, আচাৰ্য-আচাৰ্যা সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে, ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত প্ৰতিষ্ঠা হোৱা শিশু উদ্যান খনত শিশু ওমলা উন্নত মানৰ জোলনা(Swing), স্লোপিং, টয় ড্ৰেইন, মেৰি গ' ৰাউণ্ড(Merry go round) আদি সংস্থাপন কৰা হৈছে। বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ উপৰিও কলিয়াবৰ শিশু নিকেতন প্ৰাক প্ৰাথমিক বিদ্যালয়, মৰিগাঁও জিলাৰ মায়ং ব্লকৰ শ'লমাৰী মিকিৰ গাঁও প্ৰাথমিক বিদ্যালয়ক এনে ধৰণৰ শিশু ওমলা সামগ্ৰী সহ উদ্যান ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে আৰু অনাগত দিনত অসমৰ বিভিন্ন প্ৰান্তৰ পিছপৰা অঞ্চলত এনে ধৰণৰ শিশু ওমলা সামগ্ৰী সহ উদ্যান প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত শিশু উদ্যানৰ শুভাৰম্ভ
ৰাজ্যত নাটনি হ'ব ৰন্ধন গেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in