/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bed1bb74-69c5-4ca5-93a5-6a750b28026c/9.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা ৰাজ্যত ৰন্ধন গেছ নাটনি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূৱৰ ৭টা ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ ঘোষণা কৰা হৈছে। উত্তৰ-পূৱ পেক্ট ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েচনে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে।
আই অ' চি এল কৰ্তৃপক্ষই পৰিবহণকাৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত পৰিবহণ সেৱা বন্ধ কৰিছে। IOCL কৰ্তৃপক্ষই নিবিদাৰ সময়সীমা এমাহ বৃদ্ধি নকৰি ট্ৰেন্সপ’ৰ্টাৰসকলক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। যাৰ প্ৰতিবাদত উত্তৰ গুৱাহাটী, মিৰ্জা, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, দুলীয়াজানৰ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা বন্ধ কৰিছে। ইয়াৰোপৰি অৰুণাচল, নাগালেণ্ডতো ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
Also Read: গ্ৰেপ্তাৰ হ'ব নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী! পত্নীৰ হাতলৈ আহিব পাৰে ক্ষমতাৰ বাঘজৰী