উখল মাখল শ্ৰী শ্ৰী ৰামৰায় কুঠি সত্ৰশাল

নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰ ২৫ লাখ টকা ব্যয়েৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই পবিত্ৰ তথা ঐতিহাসিক গৃহ দুটি।
উখল মাখল শ্ৰী শ্ৰী ৰামৰায় কুঠি সত্ৰশাল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তৰ ঐতিহাসিক শ্ৰীশ্ৰী ৰামৰায় কুঠি সত্ৰশালৰ সোমবাৰে পুনৰ নিৰ্মাণ কৰা গুৰু গৃহ আৰু দৌল মন্দিৰৰ দ্বাৰ মুকলি অনুষ্ঠানটি ধৰ্মীয়, আধ্যাত্মিক পৰিবেশৰ মাজেৰে ডবা, শংখ, খোল, তাল, নেগেৰা হৰিধ্বনিৰে দ্বাৰ মুকলি কৰা হয়।

উল্লেখযোগ্য যে, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰ ২৫ লাখ টকা ব্যয়েৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই পবিত্ৰ তথা ঐতিহাসিক গৃহ দুটি। যাৰ পৰিপ্ৰেক্ষিতত সত্ৰশালত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱৰ নাম প্ৰসঙ্গৰে মুখৰিত হৈ পৰিছে। পৰম্পৰাগত পুৱা প্ৰসংগ, আইসকলৰ নাম, ডেৰপৰীয়া প্ৰসংগৰ পাছতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সত্ৰৰ বাটচৰাৰ পৰা বটদ্ৰৱা থানৰ পৰা কঢ়িয়াই অনা থানৰ নিৰ্মালী, পবিত্ৰ আকাশী গংগাৰ জল, গুনমালা পুথি আৰু গুৰুভূমিৰ মাটি লৈ বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ সঙ্গে প্ৰৱেশ কৰে।

ৰামৰায় কুঠি সত্ৰশালৰ স্থানীয় ভকত বৈষ্ণৱ আৰু শিল্পী কমল প্ৰিয়া দাসৰ নেতৃত্বত বৰহাটী মহিলা দলৰ আইমাতৄ সকলে হৰিনাম গায় ভকত বৈষ্ণৱ সকলক আদৰি আনে। পাছত ১০.৩০ বজাত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰামৰায় কুঠি সত্ৰশালৰ সত্ৰাধিকাৰ জীতেন্দ্ৰনাথ প্ৰধানী, মধুসুদন ভকত, বটদ্ৰৱা থানৰ দৌল মন্দিৰৰ নামাচাৰ্য যোগেন কলিতাকে আদি কৰি ভকত বৈষ্ণৱক লগত লৈ গুৰু গৃহ আৰু দৌল মন্দিৰৰ দ্বাৰ মুকলি কৰে। তাৰ লগে লগে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ দ্বাৰা মংগল ধ্বনিৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। পাছত বটদ্ৰৱাৰ গায়ন বায়নে খোল প্ৰসঙ্গত "উঠৰে উঠ বাপু গোপাল" শীৰ্ষক গীত পৰিৱেশন কৰে। ইয়াৰ পাছতে নাম প্ৰসঙ্গত "কৃষ্ণ গোপাল কৰুনাময়", "ভাই ৰাম কহ" শীৰ্ষক কীৰ্তন পৰিৱেশন কৰি আকাশ বতাহ মুখৰিত কৰি তোলে।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে ৰাজ্যৰ ভিতৰত সৰ্বাধিক চৰ্চিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিক পৰিবেশত ভকত বৈষ্ণৱৰ সংগ লৈ বিগত তিনিটা দিনৰ পৰা গুৰুসেৱাত ব্ৰতী হৈ পৰা পৰিলক্ষিত হয়। যোৱা ৩ফ্ৰেব্ৰুৱাৰীৰ দিনা সাংসদ গৰাকীয়ে বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী, থানৰ বৰ নামলগোৱা ডম্বৰুধৰ গায়ন, দেৱেন আতৈকে আদি কৰি কেৱলীয়া ভকত আৰু নিয়মীয়া ভকত বৈষ্ণৱ সকলৰ আশীৰ্বাদ লৈ থানক নিৰ্মালী, গংগাৰ জল, গুনমালা পুথি, আৰু গুৰুভূমিৰ মাটিলৈ যাত্ৰা আৰম্ভ কৰিছিল।

সোমবাৰে গুৰু গৃহ আৰু দৌল মন্দিৰৰ দ্বাৰ মুকলি কৰি পূৰ্ব জন্মৰ পূণ্যৰ ফলত এই গুৰু সেৱা কৰিব পাৰিছে বুলি মন্তব্য কৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে "বৰ অসমৰ ভেটি গঢ়োঁতা মহাপুৰুষ শংকৰদেৱৰ বহল, সাম্যবাদী মনেৰে বৰ অসমক একতাৰ ডোলেৰে বান্ধিছিল। বৰদোৱাত জন্ম গ্ৰহণ কৰি পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কৰি গুৰুজনাই অসমীয়া জাতিক সমাজ, সাংস্কৃতিৰে চহকী কৰি থৈ গ'ল" বুলি ভাষণ প্ৰদান কৰে।

উখল মাখল শ্ৰী শ্ৰী ৰামৰায় কুঠি সত্ৰশাল
ঢকুৱাখনাত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন দলঙে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in