ঢকুৱাখনাত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন দলঙে

ঢকুৱাখনাত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন দলঙে

ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন বাঁহৰ দলং । যিখন দলঙৰ ওপৰতে বিগত দুটা দশক ধৰি বিপদাপন্ন যাতায়ত  অব্যাহত ৰাখি আহিছে ঢকুৱাখনা মহকুমাৰ ৰাইজে। কি বিধায়ক কি সাংসদ কোনো পক্ষৰ গুৰুত্ব নাই প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘৰ এই জৰাজীৰ্ণ দলঙখন নিৰ্মাণত। পৰিণতিত সীমাহীন যন্ত্ৰণা ভোগ কৰি যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে স্বাধীনতাৰ এই তথাকথিত অমৃত কালত ।

ঢকুৱাখনা মহকুমাৰ উত্তৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ দেউলিয়া পঞ্চায়তক সংযোগ কৰা এইখন মৰণফাণ্ড স্বৰূপ বাঁহৰ দলং। মহকুমাটোৰ মাজেৰে প্ৰবাহিত কঢ়া নদীৰ বুকুত আমগুৰি ঘাটত  বিগত প্ৰায় দুটা দশক ধৰি এইখন  জৰাজীৰ্ণ দলঙেৰে যাতায়ত চলাই আহিছে মহকুমাবাসীয়ে।

ঘিলামৰাৰ পৰা ঢকুৱাখনা সদৰ সংযোগী এই অতি চমু পথেৰে দৈনিক শ শ চাকৰিয়াল, শিক্ষাৰ্থী ,কৃষিজীৱী ৰাইজে যাতায়ত চলাই আহিছে মৰণত শৰণ দি। বাৰিষা খৰালি উভয় সময়তে যথোচিত গুৰুত্ব থকা এই কঢ়া নদীৰ ভৰুণ  বুকুৰ বাঁহৰ দলংখন ৰাইজে বিগত দুটা দশক ধৰি গাঁঠিৰ ধন ভাঙি, সমজুৱা শ্ৰম দান কৰি নিৰ্মান কৰি আহিছে। কাৰণ ভৌগলিক ভাবে গুৰুত্ব থকা এইখন আমগুৰি ঘাট দলংৰ পকী নিৰ্মাণৰ বাবে বাৰম্বাৰ বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাক আবেদন নিবেদন কৰি ভাগৰিল ৰাইজ।

সভাই সমিতিয়ে সময় সুযোগ পালেই স্বাধীনতাৰ অমৃত কালত সৰ্বাঙ্গীন উন্নয়নৰ ফটা ঢোল বজোৱা অকমন্য বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই এইখন গুৰুত্বপূৰ্ণ বিবেচিত দলং পকীকৈ নিৰ্মাণৰ কোনো আঁচনি গ্ৰহণ নকৰিলে।  কঢ়া নদীৰ দুয়োপাৰৰ ভুক্তভোগী নাগৰিকৰ কৌটি কলীয়া সমজুৱা সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে বিগত ১০ টা বছৰে সামান্যতম ৰাজনৈতিক শক্তি প্ৰয়োগ নকৰিলে এই দুই মতলবী ৰাজনীতিকে ।

এই দুই অবিৱেচকী ৰাজনৈতিক প্ৰতিনিধিৰ এনে অকমন্যতাত অতিষ্ঠ ভুক্তভোগী ৰাইজে প্ৰতি বছৰে বাৰিষাৰ পূৰ্বে নিজৰ সঞ্চিত পুঁজি ব্যয় কৰিশ্ৰম দানেৰে নিৰ্মান কৰি লয় এইখন দলং । ৰজাঘৰক আবেদন জনাই জনাই ভাগৰুৱা হোৱা ভুক্তভোগী ৰাইজে এইবাৰ মন বান্ধিছে দুৰ্ভগীয়া ৰাইজৰ এটা  সুদীর্ঘদিনীয়া জলন্ত অভাৱ সমস্যাৰ স্থায়ী সমাধানত গুৰুত্ব আৰোপ নকৰা ধুৰন্ধৰ ৰাজনীতিকৰ বেপৰোৱা নীতিৰ সমজুৱা প্ৰত্যাহ্বান জনাব ।

সমাগত লোকসভা  নিৰ্বাচনত যদি লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই প্ৰদান বৰুৱাই তেন্তে এইগৰাকী দায়িত্বহীন ৰাজনীতিকক ভোটদানৰ পৰা বিৰত থাকিব আৰু গেৰুৱা দল আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে  ঐক্যবদ্ধ ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিব ।উল্লেখ্য যে নৱ দলেৰ গৃহ সমষ্টিৰ এইখন বহু ব্যৱহৃত দলঙৰ লগতে পথচোৱাৰ বিপৰীতে এক আঁচনি গ্ৰহণ কৰি ভুক্তভোগী নাগৰিকৰ যাতায়ত সুচল কৰি দিয়াত বিধায়ক, সাংসদদ্বয়ে গুৰুত্ব আৰোপ নকৰাটোৱে গেৰুৱা চৰকাৰৰ অন্তসাৰশূন্য স্বৰূপ উদঙাই ধৰিছে।

ঢকুৱাখনাত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন দলঙে
ভাৰত বিৰোধী স্থিতিঃ মে' মাহৰ ভিতৰত ভাৰতীয় সেনাই ত্য়াগ কৰিব লাগিব মালদ্বীপ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in