খাগৰিজান মহাবিদ্যালয়ত সপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচী সম্পন্ন

patents, copyright, trademark, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আইন আৰু নীতি, উদ্যোগীকৰণ, উদ্ভাৱন আৰু প্ৰযুক্তি, বাণিজ্যিকীকৰণ, পৰম্পৰাগত জ্ঞানৰ সুৰক্ষা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত আলোচনা
খাগৰিজান মহাবিদ্যালয়ত সপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচী সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, বেবেজীয়া: তেজপুৰ বিশ্ববিদ্যালয়ৰ DPIIT-IPR ৰ অধ্যাপক প্ৰীতম দেৱৰ সহযোগত নগাওঁৰ ঐতিহ্যমণ্ডিত খাগৰিজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত “বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, পেটেণ্ট আৰু গৱেষণা” বিষয়ক এসপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচীৰ (FDP) আজি সামৰণি পৰে। যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, পেটেণ্ট আৰু গৱেষণা বিষয়ক সপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচীত অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা মুঠ ১৩০ জন অধ্যাপক আৰু গৱেষকে অংশগ্ৰহণ কৰে।

খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে কাৰ্যসূচীৰ পৃষ্ঠপোষক হিচাপে আদৰণি ভাষণেৰে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানটিৰ আহ্বায়ক ৰায়হানুল আহমেদে অনুষ্ঠানটিৰ নিৰ্দেশনাৱলীৰ ওপৰত এক চমু আলোকপাত কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ DPIIT -IPR ৰ অধ্যাপক প্ৰীতম দেৱে অনুষ্ঠানটিৰ পৃষ্ঠপোষক হিচাপে কাম কৰি “শিক্ষাত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আৰু শিক্ষা-উদ্যোগৰ সংযোগ” বিষয়ক প্ৰথমটি ফলপ্ৰসু আলোচনা আগবঢ়ায়। ইয়াৰ বাহিৰেও অনুষ্ঠানটিয়ে patents, copyright, trademark, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আইন আৰু নীতি, উদ্যোগীকৰণ, উদ্ভাৱন আৰু প্ৰযুক্তি, বাণিজ্যিকীকৰণ, পৰম্পৰাগত জ্ঞানৰ সুৰক্ষা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাকে ধৰি অন্যান্য আকৰ্ষণীয় বিষয়সমূহ সামৰি লৈছে।

উক্ত কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক বৌদ্ধিক সম্পত্তিৰ বিভিন্ন দিশ, শৈক্ষিক আৰু গৱেষণামূলক পৰিৱেশত ইয়াৰ সুবিধাসমূহৰ বিষয়ে বিষদৰূপে বুজিবলৈ সুযোগ আগবঢ়ায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ DPIIT-IPR ৰ গৱেষণা পৰিচালক ড০ কৌশিক শইকীয়া, খাগৰিজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিচিত্ৰা পেগু, মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা মৈত্ৰেয়ী দত্ত আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ৰূপালী তালুকদাৰে কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে যুটীয়া সমন্বয়ক হিচাপে কাম কৰে।

সামৰণি অনুষ্ঠানত এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে নিজৰ মতামত ব্যক্ত কৰে। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্যৰ পিছত আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিচিত্ৰা পেগুয়ে শলাগৰ শৰাই আগবঢ়াই। এইদৰে অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটে।

খাগৰিজান মহাবিদ্যালয়ত সপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচী সম্পন্ন
অস্কাৰত এইবাৰ দুখন হিন্দী ছবি ! কেনেকৈ সম্ভৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in